Breaking News

টুইটাৰ ব্যৱহাৰ কৰিলে মূল্য পৰিশোধ কৰিব লাগিব নেকি? এলন মাস্কৰ মন্তব্য কি?



ডিজিটেল ডেস্কঃ এলন মাস্ক,  বিশ্বৰ সবাটোকৈ ধনী ব্যক্তিজনে  ৪৪ আৰব ডলাৰত টুইটাৰ ক্ৰয়  কৰিছে | ইয়াৰ পিছতে এলন মাস্কৰ শেহতীয়া এটা টুইটে টুইটাৰ ব্যৱহাৰকাৰীসকলৰ মাজত খলকনিৰ সৃষ্টি কৰিছে।এলন   মাস্কে টুইটাৰ যোগে প্ৰকাশ কৰিছে যে বাণিজ্যিক আৰু চৰকাৰী ব্যৱহাৰকাৰীসকলে ইয়াৰ বাবে মূল্য পৰিশোধ কৰিবলগীয়া হ’ব পাৰে কিন্তু মাস্কে এইটো স্পষ্ট কৰি কৈছে যে সাধাৰণ লোকসকলে ইয়াৰ ব্যৱহাৰৰ বাবে কোনো মূল্য পৰিশোধ কৰিব নালাগে | এলন মাস্কে টুইটাৰত জনাইছে যে ‘সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে টুইটাৰ সদায় বিনামূলীয়া হৈ থাকিব, কিন্তু বাণিজ্যিক/চৰকাৰী ব্যৱহাৰকাৰীসকলে হয়টো সামান্য পৰিমাণে মূল্য পৰিশোধ কৰিব লাগিব পাৰে’।

No comments