Breaking News

বড়ো ভাষা আৰু বড়ো সাহিত্য সভালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ



ডিজিটেল ডেস্কঃ বড়ো সাহিত্যসভাৰ মূল অধিৱেশনত উপস্থিত থাকি আজি কেইবাটাও ঘোষণা কৰে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো মাধ্যম প্ৰৱৰ্তন কৰা ৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে স্নাতকোত্তৰ পৰ্যায়লৈ বড়ো ভাষাক নিয়া হ’ব বুলিও অধিৱেশনস্থলীতে মন্তব্য কৰে মুখ্যমত্ৰী ড০ শৰ্মাই। ইয়াৰোপৰিও প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়। এই কাৰ্যালয়সমূহ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব বুলি জানিবলৈ দি ইয়াৰ বাবে প্ৰতি বছৰে অসম চৰকাৰে দিব ৫০ লাখকৈ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে বড়ো সাহিত্য সভালৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটি টকা আৰ্থিক সাহাৰ্য ঘোষণা কৰে।

আনহাতে ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ মৰ্মে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এলিভেটেড কৰিড’ৰ। ২২ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব এই এলিভেটেড কৰিডৰ।

ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সময়তে এই পৰামৰ্শ আগবঢ়াইছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। এই সন্দৰ্ভতো অধিৱেশন মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰে আলোচনা কৰা হৈছে


No comments