Breaking News

গোলাঘাট কলেজ তিনিআলিৰ সৰবৰহী, ধৰ্মপ্ৰাণা মহিলা ৰীণা বৰুৱাৰ মৃত্যুত শোক



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট কলেজ তিনিআলিৰ নগেন প্ৰসাদ বৰুনাৰ সহধৰ্মিনী, ধৰ্মপ্ৰাণা তথা সৰবৰহী মহিলা ৰীণা বৰুৱাৰ আজি পুৱতি নিশা প্ৰায় ৩.৪০ মিনিটত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ।  পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে মঙ্গলবাৰে বিয়লিভাগত হঠাৎ অসুস্থ হৈ পৰে বৰুৱা। ততাতৈয়াকৈ বৰুৱাক যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱ হৈছিল যদিও আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ধৰ্মপ্ৰাণা মহিলাগৰাকীয়ে। মৃত্যুৰ আগলৈকে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান বিশেষকৈ নামঘৰ, মন্দিৰ আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল বৰুৱা। ধৰ্মপ্ৰাণা , অমায়িক ৰীণা বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত বৰুৱাই স্বামী, তিনি পুত্ৰ, এগৰাকী কন্যাসহ, বোৱাৰী, জোৱাই, নাতি-নতিনীসহ সহ বহু আত্মীয়-স্বজনক এৰি গৈছে।  


No comments