Breaking News

নৰ্থ ইষ্ট গেমছত অসমৰ টেবুল টেনিছ খেলুৱৈৰ সাফল্য

  



দেৱজিত দত্তঃ মণিপুৰৰ ইম্ফলত চলি থকা নৰ্থ ইষ্ট গেমছ আজি সমাপ্ত হয়৷ এই প্ৰতিযোগিতাখনত অসমৰ টেবুল টেনিছ খেলুৱৈ সকলে আটাইকেইটা শাখাতে পদক লাভ কৰিবলৈ সক্ষম হয়৷ মুখ্য প্ৰশিক্ষক গোৱিন্দ উপাধ্যায়াৰ নেতৃত্বত যোৱা খেলুৱৈ সকলে মহিলা টীম ইভেণ্টত সোণৰ পদক আৰু পুৰুষ টীম ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ একদৰে মহিলা ডাবোল্‌ছত আদ্ৰিজা শৰ্মা আৰু লিয়া যুটিয়ে সোণৰ পদক আৰু প্ৰতীক্ষা কোঁৱৰ আৰু আকাংক্ষা বৰপূজাৰী যুটিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে পুৰষৰ ডাবোলছত জীডান গগৈ আৰু কল্যাণ সিং যুটিটোৱে ৰূপৰ পদক আৰু কৌশিক ফুকন আৰু চাণক্য গগৈ যুটিটোৱে ব্ৰঞ্জ ৰ পদক লাভ কৰে৷ মহিলা একক শাখাত ফাইনেলত আদ্ৰিজা শৰ্মাই অৰণাচলৰ দেৱলীনা দাসক ৪-১ৰ গেমত পৰাস্ত কৰি সোণৰ পদক দখল কৰে৷ একেটা শাখাতে মেঘনা ৰছেলে ব্ৰঞ্জ ৰ পদক লাভ কৰে৷ ইফালে পুৰুষৰ একক শাখাত কৌশিক ফুকন আৰু জীডান গগৈয়ে ব্ৰঞ্জ ৰ পদক দখল কৰিবলৈ সক্ষম হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত টেবুল টেনিছত শক্তিশালী প্ৰদৰ্শন কৰাৰ বাবে অসম টেবুল টেনিছ সন্থাই সকলো খেলুৱৈলৈ ধন্যবাদ জ্ঞাপন কৰিছে৷    

No comments