Breaking News

আপোনাৰ অত্যাধিক চুলি সৰিছে নেকি ?




নাৰীৰ সৌন্দৰ্য লোকাই থাকে ঘন চুলিত। ঘন চুলিৰে এগৰাকী নাৰীৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰে। সেয়েহে প্ৰত্যেকগৰাকী নাৰীয়েই বিচাৰে  একোচা ঘন আৰু মজবুত চুলি।  কিন্তু  এনে ঘন চুলিৰ অধিকাৰী হ’বলৈ আমি কি কৰা উচিত বা অনুচিত সেই বিষয়ে আপোনাৰ মোৰ নিশ্চয় জানিবলৈ মন যায়। প্ৰথম কথাটো হ’ল একোছা ভাল চুলি পাবলৈ হ’লে আমি সেই অনুসৰি চুলিৰ বিশেষ যতন লোৱাতো খুবেই দৰকাৰী।

কিন্তু বৰ্তমান সময়ত নাৰীৰ লগতে পুৰুষৰো প্ৰধান সমস্যা হৈছে চুলি। বিভিন্ন কাৰণত পুৰুষ নাৰী উভয়ৰে ক্ষেত্ৰত আজিৰ দিনত চুলি সৰা সমস্যা প্ৰায়েই দেখা যায়। এইক্ষেত্ৰত প্ৰয়োজনীয় খাদ্যাভ্যাস, প্ৰদূষণ, মানসিক চাপ আদি অন্যতম কাৰক।  

কিন্তু কেতিয়াবা আমি গম নোপোৱাকৈয়ে  আমাৰ চুলিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

ইয়াৰ বিশেষকৈ কাৰণসমূহ হৈছেঃ

টানকৈ বন্ধা পনিটেইল বা খোপা



চুলিকোছা টানকৈ বান্ধি কৰা বিভিন্ন হেয়াৰ ষ্টাইলৰ ফলত চুলি সৰাৰ প্ৰৱনতা বৃদ্ধি পায়। একেটা ভাজত বহু সময় ধৰি চুলিকোচা টানি বান্ধি ৰাখিলে চুলিৰ ওপৰ চাপ পৰে। ফলত বেছিকৈ চুলি সৰা আৰম্ভ হয় বুলি বিশেষজ্ঞসকলে মতপোষন কৰিছে। সেয়ে তেওঁ ঢিলাকৈ খোপা বা বেণী আদি বান্ধিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি।


অত্যাধিক চুলি আঁচোৰা





ঘনাই চুলি আঁচুৰাৰ ফলতো সৰিব পাৰে আপোনাৰ চুলি। বৰঞ্চ অত্যাধিক ফণি ব্যৱহাৰ কৰিলে চুলিৰ ওপৰত বেয়া প্ৰভাৱহে পৰে। চুলি যতনৰ বাবে আচোৰাটো প্ৰয়োজনীয় যদিও  জোখতকৈ অধিক চুলি আচুঁৰিলে  মূৰৰ ছাল দূৰ্বল চুলি বিলাক কেঁকোৰা-কেঁকুৰি হৈ পৰে আৰু চুলি অধিক মাত্ৰাত সৰিবলৈ আৰম্ভ কৰে।

এতিয়া চুলি সৰা সমস্যা যদি আছে আপোনাৰ এই দুটা কাৰণক গুৰুত্ব দিয়ক নিশ্চয় লাভাম্বিত হ’ব। 


No comments