Breaking News

Swiggy ৰ খাদ্য বিতৰণ ড্ৰোণৰ দ্বাৰা



অনলাইন ফুড ডেলিভাৰি কৰি অহা Swiggy য়ে অতি সোনকালে ড্ৰোনৰ ব্যৱহাৰ কৰিব | কোম্পানীটোৱে Vlogg ৰ জৰিয়তে জনাইছে যে ৰেচনসমূহক  অতি সোনকালে ঘৰত পঠোৱা Instamart য়ে অহা মাহৰ পৰা দেশৰ কোনো কোনো ঠাইত ডেলিভাৰিৰ কাৰণে ড্ৰোণ ব্যৱহাৰ কৰিব।আৰম্ভণিতে এনেধৰণৰ নাছিল কিন্তু দেৰিকৈ ড্ৰোনৰ পৰা হোম ডেলিভাৰিৰ বিষয়ে চিন্তা কৰিলে | দৰাচলতে কোম্পানীটোৱে ড্ৰোনৰ জৰিয়তে নিজৰ সম্পূৰ্ণ ডেলিভাৰি প্ৰক্ৰিয়াৰ ভিতৰত অংশীদাৰি সকলক শক্তিশালী কৰিব আৰু প্ৰকৃততে ড্ৰোনৰ পৰা বিতৰক চেন্টাৰতহে বস্তু পঠোৱা হ'ব | প্ৰক্ৰিয়াৰ অনুসৰি Swiggy য়ে ড্ৰোনৰ জৰিয়তে ব্যৱহাৰ নিজৰ ডাৰ্ক ষ্ট'ৰলৈ পঠোৱাৰ কাম কৰিব | অনলাইন ৰিটেইলত ডাৰ্ক ষ্ট'ৰ ডেলিভাৰি সকলৰ ষ্ট'ৰ নতুবা ডিষ্টিবিউতৰ চেন্টাৰ থাকে | এই ষ্ট'ৰসমূহৰ পৰা সামগ্ৰীসমূহ গ্ৰাহকসকললৈ পঠোৱা হয় | Swiggy ৰ এই পাইলট প্ৰজেক্টৰ বাবে গৰুড় এয়াৰস্পেচ,স্কাইএয়ৰ ম'বিলিটি আৰু মাৰুত ড্ৰোনটেকক লোৱা হৈছে |  প্ৰথম পৰ্যায়তে গৰুড় এয়াৰস্পেচ বাংগালুৰুত আৰু স্কাইএয়াৰ ম'বিলিটি দিল্লী এন চি আৰত অতি সোনকালেই নিজৰ প্ৰজেক্ট আৰম্ভ কৰিব | সেইদৰে দ্বিতীয় পৰ্যায়ত এ এন আৰ এ আৰু টেক ইগল কনচেশিয়া আৰু মাৰুত ড্ৰোনটেকৰ প্ৰথম পৰ্যায়ত পোৱা বিচাৰত কাম আগবঢ়াই নিব |

No comments