Breaking News

ৰাছিয়া - ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি ভয়াবহ খাদ্য সংকট সৃষ্টি কৰাৰ সম্ভাৱনা !



ৰাষ্ট্ৰ সংঘৰ খাদ্য সংকট বিৰোধী গ্লোবেল নেটৱৰ্কছে   ইউক্ৰেইন যুদ্ধক লৈ পুনৰ ভয়ংকৰ সতৰ্কতাবাণী প্ৰেৰণ কৰিছে ।ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি ভয়াবহ খাদ্য সংকটৰ সৃষ্টি কৰিব, ৰাষ্ট্ৰসংঘৰ সদৰি কৰিছে এই বিষয়ে |ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বজুৰি দেখা দিবলগীয়া খাদ্য সংকটৰ ফলত বহুলোকে নিজৰ প্ৰয়োজনীয় খাদ্যখিনিও গোটাই লোৱাত ব্যৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছে।“যদিহে যুদ্ধ এতিয়াই বন্ধ নহয় আৰু গাঁৱলীয়া লোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ইউক্ৰেইন যুদ্ধই ভয়ংকৰ ক্ষুধাৰ জন্ম দিব,” সংস্থাটোৱে এইদৰে কয়।ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে দুমাহৰো অধিক সময় অতিবাহিত কৰিছে এই সময়ছোৱাত ৰাছিয়াৰ সেনাৰ আক্ৰমণত ইউক্ৰেইনৰ চহৰ সমূহ ধ্বংসস্তুপলৈ পৰিণত হোৱাৰ লগতে প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ইউক্ৰেইনৰ খেতিয়ক সকলেও নিজৰ কাম আগুৱাই নিয়াত অসুবিধাৰ সন্মুখীন হৈছে।

No comments