Breaking News

পুনৰ এবাৰ চৰ্চালৈ আহিছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা।



    বিধায়ক অমিয় ভূঞাৰ সৈতে ফোনত সাহসিকতাৰে নিজৰ যুক্তি দাঙি ধৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা ই এইবাৰ নিজৰ হ’বলগীয়া স্বামীকে জেইললৈ প্ৰেৰণ কৰি চৰ্চিত হৈ পৰিছে। অসমৰ নগাঁও জিলাত উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জোনমণি ৰাভাই তেওঁৰ হ’বলগীয়া স্বামী ৰাণা প’গাগক প্ৰৱঞ্চণাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জে’ললৈ।

    ৰাণা প’গাগে নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ (অ’এনজিচি) জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি জোনমণি ৰাভাৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক । ইয়াৰ উপৰি  অ’ এন জি চিত চাকৰি দিম বুলি কৈ বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল প’গাগে। এই কথা জানিব পাৰি জোনমণি ৰাভাই নিজৰ হ’বলগীয়া স্বামী প’গাগৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা ঘটনাই পুনৰ চৰ্চা লাভ কৰিছে।

    ঠগ-প্ৰৱঞ্চনাৰে বিভিন্ন জনৰ ধন সংগ্ৰহ কৰাৰ বিষয়ে তিনিজন লোকৰ পৰা জানিব পৰাৰ পিছতে উপ-পৰিদৰ্শক ৰাভাই প’গাগৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে প’গাগৰ পৰা অ’ এন জি চিৰ বিভিন্ন ভুৱা নথি-পত্ৰ, ছীল মোহৰ উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীৰ জিম্মাত প’গাগ ।


No comments