Breaking News

অমিত শ্বাহ আৰু জেপি নড্ডাক দিয়া হৈছে মিছন ২০২৪ৰ দায়িত্বভাৰ



মাৰ্চ ২০২২ ত পাঁচৰ পৰা চাৰিখন ৰাজ্যৰ জয়ীৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্তমান নিজৰ শক্তি প্ৰদৰ্শন ২০২৪ ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে কাম কাজ আৰম্ভ কৰিছে | ১৫০ খনতকৈও অধিক আসনৰ বাবে তালিকা প্ৰস্তুত কৰিছে, য'ত নিজৰ স্হিতি অধিক শক্তিশালী কৰিব পৰা হ'ব | ভাৰতীয় জনতা পাৰ্টীৰ দুজন শক্তিশালী নেতা গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ জেপী নড্ডাৰ দায়িত্বৰো কাৰ্যপ্ৰণালী তৈয়াৰ কৰা হৈছে | এতিয়া দুয়োজন নেতাই প্ৰতিমাহে দেশ ভ্ৰমণ কৰি সংগঠনটো অধিক শক্তিশালী কৰাত ধ্যান দিব |কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে এই মাহৰ আৰম্ভণিতে কৰ্ণাটক ভ্ৰমণ কৰিব আৰু তাৰপিছতে পশ্চিমবঙ্গ ভ্ৰমণ কৰিব | যোৱা বছৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত তেওঁৰ এয়া প্ৰথম ভ্ৰমণ হ'ব | পশ্চিমবঙ্গৰ পিছতে অমিত শ্বাহ ৯ আৰু ১০ মে' ত অসম ভ্ৰমণত উপস্হিত হ'ব |লগতে ভাৰত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্ণ সমাৰোহত অংশগ্ৰহণ কৰিব |

No comments