Breaking News

হাৰ্ট কেয়াৰ চছাইটি অব আসামৰ সজাগতা সভা

 



বিশ্ব উচ্চৰক্তচাপ প্ৰতিৰোধ মাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ডাউনটাউন হস্পিতালৰ সহযোগত হাৰ্ট কেয়াৰ চছাইটি অব আসামে আজি ডাউন টাউন হস্পিতালত এখনি সজাগতা সভা অনুষ্ঠিত কৰে।ডা:প্লাবিতা শ্লেঙে পৰিচালনা কৰা সভাখনিত সন্মানীয় অতিথি হিচাপে ডাউন টাউন হস্পিতালৰ মুখ্য চিকিৎসা বিষয়া ডা:এন. এন.দত্ত আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে চছাইটিৰ চেয়াৰমেন জেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডা:নিৰ্মলকান্তি ভট্টাচাৰ্য,ডা:বলিন্দ্ৰ কুমাৰ গগৈ,দিশপুৰ হস্পিতালৰ জেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ভা:বনজিৎ চৌধুৰী,ডাউন টাউন হস্পিতালৰ জেষ্ঠ চিকিৎসা বিষয়া ডা:হৃষিকেশ বৰা, আৰু ডাউন টাউন হস্পিতাল


ৰ জেষ্ঠ প্ৰসূতি বিশেষজ্ঞ ডা:উদয়ণ বৰুৱা।


হাৰ্ট কেয়াৰ চছাইটি অৱ আসামৰ কাৰ্যনিৰ্বাহক সদস্য ড°শিখা বেজবৰুৱা গোস্বামীয়ে এটি বৰগীতেৰে শুভাৰম্ভণ কৰাৰ পিছতেই  ডাউনটাউন হস্পিতালৰ চুপাৰইনটেনডেন্ট ডা:উদয়ণ বৰুৱাই আদৰণি ভাষণেৰে সকলোকে স্বাগতম জনায়।কেন্দ্ৰীয় উপসভাপতি ম:ইক্ৰামুল মজিদে চছাইটিৰ বিষয়ে এটি পৰিচয়মূলক বক্তৃতা ডাঙি ধৰে।প্ৰায় শতাধিক লোকৰ উপস্থিতিত ডা:নিৰ্মল কান্তি ভট্টাচাৰ্যই উচ্চ ৰক্তচাপ কাৰণ,প্ৰতিৰোধ সম্পৰ্কে বিতংকৈ বক্তৃতা প্ৰদান কৰে।নিলাক্ষী গোস্বামী বৰুৱাৰ শলাগৰ শৰাইয়ে সভাৰ সামৰণি পৰে।

No comments