Breaking News

নেপালত যাত্ৰীবাহী বিমান সন্ধানহীনঃ



নেপালত যাত্ৰীবাহী বিমান সন্ধানহীনঃ সন্ধানহীন বিমানখনত আছিল ২২ গৰাকী যাত্ৰীৰ ভিতৰত ৪ গৰাকী ভাৰতীয় 

নেপালৰ আজি এখন বিমান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। বিমানখনে ইতিমধ্যে হেৰুৱাইছে ৰাডাৰ চিগনেল। ৯ বাজি ৫৫ মিনিটত উৰা মৰা বিমানখনে অলপ পাছতে ৰাডাৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। বিমানখন মুছটাং জিলাৰ টি টি অঞ্চলত দুৰ্ঘটনাগ্ৰস্তৰ আশংকা কৰা হৈছে।  অঞ্চলটোৰ বাসিন্দাই কিছু অস্বাভাৱিক শব্দ শুনাৰ তথ্য সদৰি কৰিছে। পোখৰাৰ পৰা জমচম অভিমুখে উৰা মাৰিছিল বিমানখন। সন্ধানহীন বিমানখন তাৰা এয়াৰ’ৰ ৯ এন.এ.ই.টি। সন্ধানহীন বিমানখনত ৪ জন ভাৰতীয়, ৩ জন জাপানী নাগৰিককে ধৰি মুঠ ২২ জন যাত্ৰীয়ে ভ্ৰমণ কৰিছিল। নেপালৰ গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ মোতায়েন কৰিছে। সন্ধানৰ বাবে নেপাল সেনাৰ হেলিকপ্টাৰ মোতায়েন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলিও জনা গৈছে।


No comments