Breaking News

অসমত এতিয়া কেইখন চৰকাৰ চলি আছে! পুনৰ ১৯৮৯ চনৰ অসমৰ পৰিৱেশ ঘূৰি আহিছে নেকি? পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰসংগ।



মন্ত্ৰী সঞ্জয় কিষাণক মুখ্যমন্ত্ৰীৰ শ্ব’কজ জাৰি কৰাৰ সন্দৰ্ভত বিৰোধী দল কংগ্ৰেছ অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাই তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক।  মুখ্যমন্ত্ৰীয়ে মুখলজ্জা ঢাকিবলৈহে মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan)ক শ্বোকজ দিয়া বুলি অভিযোগ কৰিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যিসময়ত অসমৰ নিবনুৱা সকলে হতাশ হৈ মূৰে-কপালে হাত দিছে, সেইসময়ত  এনেবোৰ কথাক লৈ চৰকাৰক সমালোচনা কৰে ভূপেন কুমাৰ বৰাই।

ভূপেন কুমাৰ বৰাৰ মতে ১৯৮৯ চনৰ অসমৰ পৰিবেশ এতিয়া আকৌ ঘূৰি আহিছে। তেতিয়া ১৯৮৯ চনত এফালে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ চলিছিল আনফালে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চৰকাৰ চলাৰ বাবেই ৰাজ্যত তেতিয়া ৰাষ্ট্ৰপতি শাসন হৈছিল। সেয়ে অসমতো এতিয়া পূৰ্বৰ দৰে ৰাষ্ট্ৰপতি শাসন হ'ব লাগে বুলি যুক্তি দৰ্শায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।

ইমানতে ক্ষন্ত নাথাকি ভূপেন কুমাৰ বৰাই আৰু কয়, "এতিয়া অসমত দুজন মুখ্যমন্ত্ৰী, এজন হিমন্ত বিশ্ব শৰ্মা আনজন পৰেশ বৰুৱা।


No comments