Breaking News

UPSC ত উজলিল অসমৰ দুই পৰীক্ষাৰ্থী



আজি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফলত অসমৰ দুগৰাকী সন্তানে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।  UPSC পৰীক্ষাত  স্থান লাভ কৰি জিলিকিল অসমৰ শিল্পা খনিকৰ আৰু দেৱজ্যোতি বৰ্মন। উক্ত পৰীক্ষাত শিল্পা খনিকৰে ৫০৬ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে দেৱজ্যোতি বৰ্মনে  ৬৩৯ নম্বৰ স্থান লাভ কৰিছে। 

উল্লেখ্য যে এই বছৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে  দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু জামিনী সিংগলাই।  এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাই দখল কৰিবলৈ সক্ষম হৈছে।  পঞ্চম স্থান দখল কৰিছে উত্‍কৰ্ষ দ্বিৱেদীয়ে।


No comments