Breaking News

কৃষক নেতা ৰাকেশ টিকাইটৰ মুখলৈ মাৰিলে চিয়াঁহীঃ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা



ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইতক বেংগালুৰুত ক'লা চিয়াহীৰে আক্ৰমণ। কৃষক নেতা কোডিহাল্লি চন্দ্ৰশেখৰে উত্থাপন কৰা অভিযোগ খাৰিজ কৰিবলৈ এখন সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্ততে সংঘটিত হয় উক্ত ঘটনা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে উক্ত ঘটনা। ভিডিঅ’টোত নেতাজনৰ মুখত ক'লা চিয়াঁহী লেপন থকা দেখা গৈছে আৰু আক্ৰমণকাৰীসকলে টিকাইতৰ ওপৰত চিয়াঁহী দলিয়াই 'মোডী-মোডী' বুলি উচ্চাৰণ কৰাও ভাইৰেল ভিডিঅ’টোত শুনিবলৈ পোৱা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া এইগৰাকী কৃষক নেতা ৰাকেশ টিকাইট বেংগালুৰুত এখন সংবাদমেল সম্বোধন কৰি আছিল । উক্ত অনুষ্ঠানৰ মাজতে হঠাৎ প্ৰৱেশ কৰি একাংশ লোকে এনেধৰণৰ ঘটনা সংঘটিত কৰে। 

ইফালে টিকাইটে অনুষ্ঠানস্থলীত নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে। "ইয়াত স্থানীয় আৰক্ষীয়ে কোনো নিৰাপত্তা প্ৰদান কৰা নাছিল বুলি উল্লেখ কৰে।  যাৰ বাবে এনে পৰিস্থিতি উদ্ভৱ হ’বলৈ পালে। 

No comments