Breaking News

বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা, কবি, সাহিত্যিক পেঞ্চনাৰ সমাজকৰ্মী অন্নদা শইকীয়াৰ দেহাৱসানঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা, কবি, সমাজকৰ্মী, বোকাখাত মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠাতা, বোকাখাত পুৱতি সাহিত্য সভা আৰু গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা লেখিকা সমাৰোহৰ ইতিহাসৰ মধ্যমণি স্বৰূপ, বোকাখাতৰ জে দি এছ জি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়াৰ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিতালত যোৱা ২৯ মে'ৰ নিশা দেহাৱসান ঘটে ৷ 


১৯৩৩ চনৰ ২ নৱেম্বৰত জন্ম লাভ কৰা প্ৰয়াত অন্নদা শইকীয়াই ১৯৫২ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে বোকাখাতৰ শিক্ষাবিদ, প্ৰবীণ সাংবাদিক, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা নেহৰু বঁটাপ্ৰাপক চিদানন্দ শইকীয়াৰ লগত বিবাহপাশত আৱদ্ধ হৈ বোকাখাতৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা শইকীয়াই বোকাখাত জে দি এচ জি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা হিচাপে চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰে ৷ বিশিষ্ট লেখিকা শইকীয়াই এতিয়ালৈকে বিশখনৰো অধিক পুথি প্ৰকাশ কৰিছে ৷ তেওঁৰ প্ৰথম প্ৰকাশিত পুথি হ'ল ১৯৮০ চনত প্ৰকাশিত 'এমুঠি কবিতা' প্ৰথম প্ৰকাশিত (কবিতা) ৷ 


বোকাখাত আৰু  ইয়াৰ মহিলা সমাজখনৰ প্ৰেৰণাৰ উৎস হিচাপে আদৰ্শ দাঙি ধৰাৰ বাবে প্ৰয়াত শইকীয়ালৈ ২০০২ বৰ্ষত বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে “প্ৰেৰণাময়ী“ উপাধি আৰু ২০১১ বৰ্ষত অসম সাহিত্য সভাৰ অন্তৰ্গত বোকাখাত পুৱতি সাহিত্য সভাই ’সেৱাব্ৰতা’ উপাধি প্ৰদান কৰে ৷ অন্নদা শইকীয়াৰ মৃত্যুত সমগ্ৰ বোকাখাত অঞ্চললৈ শোকৰ বন্যা নামি পৰে ৷ শইকীয়াৰ মৃত্যু বোকাখাতৰ বৌদ্ধিক, সামাজিক আৰু সাংস্কৃতিক সমাজৰ অপূৰণীয় ক্ষতি বুলি পৰিগণিত হৈছে ৷



তেখেতৰ পাৰ্থিৱ শৰীৰ ৩০ মে'ৰ পুৱা  বোকাখাতৰ বিভিন্ন স্থানলৈ নিয়া হয় য'ত বোকাখাত আৰু গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ পৰা অহা দুই শতাধিক শোকাকুল ব্যক্তি, দল সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি, বোকাখাত পুৱতি সাহিত্য সভাৰ লগতে ভালে সংখ্যক শাখা সাহিত্য সভাই পতাকা অৰ্দ্ধনমিত কৰি ৰাখে ৷ 


মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই তিনি পুত্ৰ , চাৰি কন্যা আৰু কেইবাগৰাকী নাতি নাতিনীৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায় ৷

No comments