Breaking News

'পি এম কেয়াৰ্চ ফ'ৰ চিলড্ৰেন' আঁচনিৰ অধীনত গোলাঘাট জিলাত ৫ টি শিশুলৈ সা-সুবিধা



ডিজিটেল সংবাদ, গোলাঘাটঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশজুৰি মুকলি কৰা "পি এম কেয়াৰ্চ ফ'ৰ চিলড্ৰেন" আঁচনিৰ অধীনত গোলাঘাট জিলাতো ক'ভিডত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা ৫ টি শিশু আৰু কিশোৰ-কিশোৰীক বিভিন্ন সা-সুবিধা আৰু সেৱা প্ৰদান কৰা হয় । ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন ঠাইত একে সময়তে চলি থকা এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি আঁচনিৰ অধীনৰ বিত্তীয় সাহায্য আৰু সা-সুবিধাসমূহৰ শুভাৰম্ভ কৰাৰ লগতে ভাষণ দিয়ে । এই উপলক্ষে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত অংশ লোৱা বিশিষ্ট ব্যক্তি, অভিভাৱক, সাংবাদিক আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ আগত উপায়ুক্ত শ্ৰী বৰুৱাই আঁচনিখনৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে এই আঁচনিৰ অধীনত শিশু, কিশোৰ-কিশোৰীসকলে ২৩ বছৰ বয়সলৈকে লাভ কৰিবলগীয়া সা-সুবিধা আৰু সেৱাসমূহৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত এই আঁচনিখনৰ বাবে সমগ্ৰ দেশত ৯,০৪২ খন আবেদন লাভ কৰা হৈছিল । ইয়াৰ ভিতৰত ৪,৩৪৫ টা শিশু এই আঁচনিৰ অন্তৰ্ভুক্ত হয় । 



এই আঁচনিৰ অধীনত প্ৰতিগৰাকী শিশু অথবা কিশোৰ-কিশোৰীক মাহিলী বৃত্তি হিচাপত ১০ লাখ টকাৰ বিত্তীয় সাহায্য, ব'ৰ্ডিং আৰু থকাৰ ব্যৱস্থা, স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষাৰ বাবে সহায়, স্বাস্থ্য বীমা আদি সুবিধা আগবঢ়োৱা হ'ব । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত পল্লবী গগৈ, সহকাৰী আয়ুক্ত গৌৰিপ্ৰিয়া দেউৰী, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক, সমাজ সেৱিকা ডঃ লুকুমনি গোস্বামী, জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, সমাজ সেৱিকা অপৰাজিতা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, অভিভাৱক উপস্থিত আছিল ।

No comments