Breaking News

গোলাঘাটত এইডছ সম্পৰ্কীয় সভা

  



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে এইডছ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ গোলাঘাটৰ এইডছ কণ্ট্ৰোল জিলা বিষয়া ডাঃ সুনীতা এক্কাই আঁত ধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত পল্লবী গগৈ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ উপস্থিতিত এইছআইভিৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাত এইডছ সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰিব নোৱাৰা বিষয়টো আলোচনা কৰি এক মতত উপনীত হয় যে ৰাষ্ট্ৰীয় এইডছ কণ্ট্ৰল প্ৰগেমৰ এছ অ’পিৰ বাবে এইডছৰ কোনো ধৰণৰ তথ্যপাতি ৰাজহুৱা কৰাত আদহিপৰা বাধা সন্দৰ্ভত সকলোকে অৱগত কৰা হয় ৷ উল্লেখ্য যে এইডছ সম্পৰ্কীয় তথ্য বিচাৰি বিভিন্ন জনে তথ্য জনা অধিকাৰ আইনৰ অধীনত আবেদন জনাইছিল ৷ এই আবেদনৰ বিষয়টোও আলোচনা কৰা হৈছিল ৷ এই  সভাত এইডছৰ বিষয়ত কাম কৰা তিনিটা স্বেচ্ছাসেৱী সংগঠন গোলাঘাট জিলা এইডছ কণ্ট্ৰোল চ’চাইটিৰ কৰ্মচাৰী বৃন্দ উপস্থিত আছিল। টিবি চিনাক্ত কৰণ কক্ষ শুভাৰম্ভ, গোলাঘাটৰ চাহ বাগিছা সমূহত যাতে টিবি ৰোগ সম্প্ৰসাৰিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি দুটাকৈ টিবি ৰোগৰ চিনাক্তকৰণ কক্ষ মুকলি কৰা হয় ৷ যোৱা ৬ মেৰ দিনা লেটেকুজান আৰু নুমলীগড় চাহ বাগিছাত এই কক্ষ দুটা শুভাৰম্ভ কৰে জিলা যক্ষ্মাৰোগ বিভাগৰ বিষয়া ডাঃ সুনীতা এক্কাই।  নুমলীগড় আৰু লেটেকুজান চাহ বাগিছাৰ চিকিৎসক ডাঃ অজয় কটকী আৰু লেটেকুজানৰ চিকিৎসক ডাঃ লোপা দাসৰ লগতে বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷

No comments