Breaking News

অগপৰ কাৰ্য্যালয়ত অভিনন্দন অনুষ্ঠান

 

দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ’ব অসমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা



ডিজিটেল সংবাদ, গুৱাহাটী – পৌৰ সভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজয়ী হোৱা অসম গণ পৰিষদ দলৰ শতাধিক নিৰ্বাচিত প্ৰতিনিধিক আজি আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যে অনুষ্ঠিত হোৱা এক বিশেষ অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিত্ৰজোঁটৰ চৰকাৰখনে বিগত এটা বছৰত নিষ্ঠা আৰু সফলতাৰে অসমৰ ৰাইজৰ হকে সেৱা আগবঢ়াই আহিছে। ৰাজ্যখনৰ জনসাধাৰণৰ যথেষ্ট পৰিমানৰ আশা চৰকাৰখনৰ প্ৰতি আছে। 



চৰকাৰখনে সামুহিক দায়বদ্ধতাৰে জনসাধাৰণৰ কাষত থাকি সেৱা আগবঢ়াবলৈ অংগীকাৰবদ্ধ। চৰকাৰৰ লক্ষ্য দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰা। ইয়াৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে কাম কৰি যোৱাৰ কথা মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। অসম গণ পৰিষদ দল সাংগঠনিক ভাৱে শক্তিশালী হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি এল ঐক্যবদ্ধ ভাৱে শক্তিশালী হোৱাটো প্ৰয়োজন। বিগত নিৰ্বাচনৰ ধাৰাবাহিক সফলতাৰ বাবে অসম গণ পৰিষদ দলৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰি সকলোকে চৰকাৰখন শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আহ্বান জনায়। অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে উন্নয়ণ আৰু বিকাশৰ নতুন বাট ৰচনা কৰিছে বুলি মন্তব্য কৰি দলৰ প্ৰতিজন সদস্যকে দলক সেৱাৰ মাধ্যম হিচাপে লৈ ৰাজ্যখনৰ উন্নয়ণৰ যাত্ৰাত সেৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায়। বৰাই লগতে মুখ্যমন্ত্ৰী শৰ্মাই দলটোৰ প্ৰতি আগবঢ়োৱা আন্তৰিকতা আৰু সন্মান  বাবে ধন্যবাদ জ্ঞাপন কৰি, ৰাজ্যখনৰ উন্নয়ণ আৰু প্ৰগতি অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে। 



দলৰ প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে ৰাইজৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ বৰাই মুকলি আহ্বান জনায়। অনুষ্ঠানত  দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পৰ্দাপনে মিত্ৰতাৰ বান্ধোন অধিক শক্তিশালী কৰা বুলি উল্লেখ কৰি প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে শুভেচ্ছা জ্ঞাপন কৰে। সভাত দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ, বিধায়কসকল, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল আৰু বহু সংখ্যক দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। অনুষ্ঠানৰ আতঁ ধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই। এই অনুষ্ঠানত শতাধিক পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচিত প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে অসম যুৱ পৰিষদৰ উদ্যেগত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

No comments