Breaking News

জম্মু আৰু কাশ্মীৰৰ কুলগামত সংঘৰ্ষত গুলীয়াই হত্যা কৰা দুজনৰ ভিতৰত এজন এল ই টি সন্ত্ৰাসবাদী




দেওবাৰে  জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয় । 

দক্ষিণ কাশ্মীৰ জিলাৰ চিয়ান দেৱচাৰ অঞ্চলত নিৰাপত্তাৰক্ষীয়ে এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰি লাভ কৰে সন্ত্ৰাসবাদীৰ উপস্থিতি। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰে  এনকাউণ্টাৰ।  দুয়োপক্ষৰ মাত চলা গুলীচালনাত দুজন সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ পূৰ্বে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে টুইটাৰত কয়, "এল ই টি সন্ত্ৰাসবাদী সংগঠনৰ হায়দৰ আৰু এজন স্থানীয় সন্ত্ৰাসবাদী চলি থকা এনকাউণ্টাৰত আৱদ্ধ হৈ আছে।"



হায়দৰ উত্তৰ কাশ্মীৰত দুবছৰৰো অধিক সময় ধৰি সক্ৰিয় আছিল আৰু কেইবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল বুলিও কুমাৰে জানিবলৈ দিয়ে।


No comments