Breaking News

বিজেপি-কংগ্ৰেছ এতিয়া এটা মুদ্রাৰ ইপিঠি-সিপিঠিঃ আপ

 


ডিজিটেল সংবাদ, গুৱাহাটীঃ  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম- কাজে নহয়, বস্তুৰ মূল্যবৃদ্ধি আৰু অপশাসনেহে স্পৰ্শ কৰিছে অসমৰ ৰাইজক। চৰকাৰৰ এবছৰ সম্পূর্ণ হোৱা উপলক্ষে বিজেপিৰ ৰাজ্যিক সমিতিয়ে প্ৰকাশ কৰা এক বিবৃতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম আদমি পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে, বিজেপি চৰকাৰৰ সৰ্বগ্ৰাহী , সৰ্বস্পৰ্শী শ্লো'গান কেৱল শ্লোগানতেই সীমাবদ্ধ। বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজে সৰ্বসাধাৰণক স্পৰ্শ কৰিব পৰা নাই, ইয়াৰ বিপৰীতে বস্তুৰ মূল্যবৃদ্ধি, কৰৰ বোজা আৰু অপ-শাসনেহে সকলো ৰাইজক স্পৰ্শ কৰি কোঙা কৰি পেলাইছে। 



অন্যহাতে অসমত বিৰোধী শক্তি শূণ্য বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক সমন্বয়কগৰাকীয়ে মন্তব্য কৰি কয় যে, বিৰোধীয়ে এতিয়া আত্ম সমৰ্পণ কৰিছে। বিজেপি-কংগ্ৰেছ এতিয়া এটা মুদ্রাৰ ইপিঠি-সিপিঠি। গতিকে অসমৰ ৰাইজে বিৰোধী বিচাৰি এতিয়া আম আদমি পাৰ্টিক আদৰি লৈছে। 

No comments