Breaking News

ডিব্ৰুগড়ত উজনি অসম ভিত্তিত টেবুল টেনিছ আৰম্ভ, উদ্বোধনী অনুষ্ঠান মুকলি কৰে মন্ত্ৰী বিমল বড়াই



দেৱজিৎ দত্ত, ডিব্ৰুগড়ঃ ডিব্ৰুগডৰ আগশাৰীৰ সামাজিক, সাংস্কৃতিক-ক্ৰীড়া অনুষ্ঠান জ্ঞানদায়িনীৰ উদ্যোগত প্ৰথম সংখ্যক জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী উজনি অসম ভিত্তিত টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়৷ পুৱা ১০ বজাত প্ৰতিযোগিতাখন উদ্বোধন কৰে ক্ৰীড়া-সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই৷ আৰম্ভণিতেই জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পৰিয়ালৰ সদস্যসকল আৰু বিশিষ্ট ব্যক্তিসকলে৷ উদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই জ্ঞানদায়িনী একাডেমীয়ে জন্ম লগ্নৰে পৰা ক্ৰীড়া আৰু সাংস্কতিক ক্ষেত্ৰত কেনেদৰে উন্নতিৰ হকে কাম কৰি আহিছে সেই বিষয়ে মন্তব্য কৰে৷ লগতে খেলুৱৈসকলক সৰুৰে পৰা এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিব লাগে বুলি কয়৷ বৰ্তমান ক্ৰীড়াক্ষেত্ৰখনত চৰকাৰে বহু শক্তিশালী পদক্ষেপ লোৱা বুলিও মন্তব্য কৰে৷ লগতে অসমৰ সকলো ষ্টেডিয়ামতেই আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে টেবুল টেনিছ খেলাৰ ব্যৱস্থাটো হ’ব বুলি ভাষণত কয়৷ প্ৰতিযোগীসকলে পদক নাপালেও নিৰাশ নহৈ কঠোৰ পৰি৷ মেৰেহে আগুৱাই নিব পাৰিব আৰু খেলুৱৈসকলৰ ডেডিকেচন লাগিব বুলি বক্তব্যত উল্লেখ কৰে৷ 

    উদ্বোধনী অনুষ্ঠানটোত জ্ঞানদায়িনী সভাৰ শিল্পীসকলে এটি সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে আন কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷ উক্ত অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পূৰ্বৰ বিধায়ক ঋতুপৰ্ণ শৰ্মা, অসম টেবুল টেনিছৰ কোষাধ্যক্ষ নয়ন জ্যোতি শৰ্মা, উজ্জ্বল ফুকনকে ধৰি জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ পৰিয়ালবৰ্গ উপস্থিতি থাকে৷ প্ৰতিযোগিতাখনত ১৫০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰিচালনাৰ দায়িত্বত থাকে এন আই এছ প্ৰশিক্ষক ৰাজদীপ ভূঞা৷ আজি ছোৱালী-আৰু ল’ৰাৰ শাখাত দ্বিতীয় ৰাউণ্ড আৰু পুৰুষ-মহিলাৰ কোৱাৰ্টাৰ ৰাউণ্ডৰলৈকে খেল সমূহ অনুষ্ঠিত হয়৷ উল্লেখ্য যে অসমৰ শীৰ্ষস্থানীয় খেলুৱৈ জীডান কুমাৰ গগৈ, চাণক্য গগৈ, বিবেক বৰা, ভাস্কৰ শৰ্মা, অভিলাস গগৈ আদিৰ দৰে পেডলাৰে অংশ লৈছে প্ৰতিযোগিতাখনত৷ 

No comments