Breaking News

বনগাঁও চ'লা হাইস্কুলত বিজ্ঞান সজাগতা সভা সম্পন্ন

 

 



গোলাঘাট জিলাৰ বনগাঁও চ'লা হাইস্কুলত অসম বিজ্ঞান সমিতিৰ উদ্যোগত, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত  শুক্ৰবাৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান সজাগতা সভা অনুস্থিত হয়।" জৈৱ বৈচিত্ৰ্য সংৰক্ষণ" শীৰ্ষক বিষয়ক লৈ সভাত বৃস্তিত ভাবে ভাষণ প্ৰদান কৰে  উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাটৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, জেষ্ঠ বিজ্ঞানী ড০ চৌধুৰী নাথ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মিনুৱাৰ বেগম,অসম বিজ্ঞান সমিতিৰ সম্পাদক ড০ মনোজ কুমাৰ শৰ্মা,অসম বিজ্ঞান সমিতি, দেৰগাঁৱৰ সাধাৰণ সম্পাদক প্ৰজ্ঞা সুন্দৰ হাজৰিকা আৰু  বিদ্যালয় খনৰ  প্ৰধান শিক্ষক দিলীপ ফুকনে ।



এই সভাতেই বিশিষ্ট বিজ্ঞানী,লেখক ড০চৌধৰী নাথ শইকীয়াই বিদ্যালয় খনৰ গ্ৰন্থগাৰলৈ কেইবাখনো মূল্যবান গ্ৰন্থ আগবঢ়ায়।

সভাত অসম বিজ্ঞান সমিতি , দেৰগাঁৱৰ ফালৰপৰা শিক্ষক,লেখক, প্ৰকৃতিপ্ৰেমী গিৰিমল্লিকা শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনায়। প্ৰকৃতিপ্ৰেমী শইকীয়াই অসম বিজ্ঞান সমিতিৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

No comments