Breaking News

অৰুণাচল প্ৰদেশ আৰু লাডাখ 'শাস্তিমূলক বদলি'ৰ স্থান নেকি?



অৰুণাচল প্ৰদেশ আৰু লাডাখ 'শাস্তিমূলক বদলি'ৰ স্থান নেকি? চৰকাৰক কৰিছে প্ৰশ্ন, ছচিয়েল মিডিয়াত ইয়াক লৈ চলিছে বহুল বিতৰ্কৰ।  জ্যেষ্ঠ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰক লাডাখলৈ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাৰ পিছতে এতিয়া অৰুণাচল প্ৰদেশ আৰু লাডাখ শাস্তিমূলক বদলিৰ স্থান নেকি বুলি প্ৰশ্ন কৰিছে বহুতে। কিয়নো এই সিদ্ধান্তক শাস্তিমূলক বদলি হিচাপে ব্যাখ্যা কৰিছে। ছচিয়েল মিডিয়াতো বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। আনহাতে একাংশই এই সন্দৰ্ভত যুক্তি দিছে যে, উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু উত্তৰৰ লাডাখ হৈছে আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তুলনাত যোগাযোগ ব্যৱস্থা কিছু পিছপৰা। কিন্তু বাস্তৱত কিমান যুক্তিসংগত এই কথা?

উল্লেখ্য যে, দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত ক্ষমতাৰ অপপ্ৰয়োগ কৰি খেলৰ অনুশীলন সময়তকৈ আগতেই বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে। বিতৰ্কৰ পিছত বৃহস্পতিবাৰে IAS দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰ পত্নী ৰিংকু দুগ্গাক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ক্ৰমে লাডাখ আৰু অৰুণাচল প্ৰদেশ লৈ বদলি কৰিছিল। দিল্লীৰ ৰাজহ বিভাগৰ প্ৰধান সচিবগৰাকীয়ে নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্যাগৰাজ ষ্টেডিয়ামৰ পৰা সাধাৰণ লোকক উলিয়াই দি আগতীয়াকৈ বন্ধ কৰি দিছিল।

No comments