Breaking News

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ গৃহপ্ৰৱেশ আৰু গৃহশিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই আজি "প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)"ৰ অধীনত বোকাখাত পৌৰ সভাৰ অধীনৰ ১,৩ আৰু ৫ নং ৱাৰ্ডৰ কেইবাটাও ঘৰৰ উদ্বোধন কৰি হিতাধিকাৰীক গৃহপ্ৰৱেশ কৰোৱাৰ সমান্তৰালকৈ ৮ আৰু ৯ নং ৱাৰ্ডৰ কেইবাটাও নতুন ঘৰৰ আধাৰশিলা স্থাপন কৰে। আজিৰ এই কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া  সৌভিক দত্ত, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপাধ্যক্ষ, ৱাৰ্ড সদস্য, সদাস্যা, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, বিভিন্ন দল, সংগঠনৰ  বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

No comments