Breaking News

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ মানিক সাহাৰ

শনিবাৰে সাহাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ প্ৰতিবাদত বিজেপিৰ বিধান দলৰ বৈঠকত চকী ভাঙি ভঙা উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা আৰু মন্ত্ৰী ৰাম প্ৰসাদ পল শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হোৱাৰ কিছু মুহূৰ্তৰ পিছতে ৰাজভৱনত উপস্থিত হৈছিল




ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱো শনিবাৰে সন্ধিয়া হঠাতে পদত্যাগ কৰাৰ পাছতে আজি ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি মানিক সাহাই । আগৰতলাৰ ৰাজভৱনত আজি সাহাক শপতবাক্য পাঠ কৰাই ৰাজ্যপাল এছ এন আৰ্যই ।

আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ বিজেপি বিধায়ক আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক উপস্থিত আছিল। 



অৱশ্যে নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ কৰাৰ পাছতো ৰাজ্যখনত বিজেপিৰ ভিতৰচ’ৰাত যে  সংঘাত চলি আছে সেয়ে স্পষ্ট। কিয়নো শনিবাৰে সাহাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ প্ৰতিবাদত বিজেপিৰ বিধান দলৰ বৈঠকত চকী ভাঙি ভঙা উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা আৰু মন্ত্ৰী ৰাম প্ৰসাদ পল শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হোৱাৰ কিছু মুহূৰ্তৰ পিছতে ৰাজভৱনত উপস্থিত হৈছিল। 


No comments