Breaking News

আলফা (স্বা)ৰ সকীয়নিৰ পিছতেই ক্ষমা প্ৰাৰ্থনা মন্ত্ৰী সঞ্জয় কৃষাণৰ

অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তি আলোচনাৰ মাজেৰে সমাধান কৰিব বিচাৰিছে। শান্তিৰ আলোচনাৰে  আগবঢ়াই নিয়াৰ সময়তে মই কোনো কাৰণতে ব্যাঘাত শান্তিৰ পথত ব্যাঘাত অনাটো  নিবিচাৰোঁ। সেয়েহে পৰেশ বৰুৱাৰ অন্তৰত আঘাত হনা কোনো কথাই মই ইচ্ছাকৃতভাৱে কোৱা নাই। । যদি ভুলবশতঃ কৰা  মন্তব্যই পৰেশ বৰুৱাই অন্তৰত আঘাত বা দুখ দিছোঁ, তেন্তে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ’।




ডিজিটেল ডেস্কঃ আলফা (স্বা) ৰ সকীয়নিৰ পাছতেই অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে মন্ত্ৰী সঞ্জয় কৃষাণে। কিয়নো ক্ষমা প্ৰাৰ্থনাৰ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আলফা (স্বা)ৰ তৰফৰ পৰা । 

আজি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত ক্ষমা প্ৰাৰ্থনা বিচাৰি কয় এনেদৰে........

‘অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তি আলোচনাৰ মাজেৰে সমাধান কৰিব বিচাৰিছে। শান্তিৰ আলোচনাৰে  আগবঢ়াই নিয়াৰ সময়তে মই কোনো কাৰণতে ব্যাঘাত শান্তিৰ পথত ব্যাঘাত অনাটো  নিবিচাৰোঁ। সেয়েহে পৰেশ বৰুৱাৰ অন্তৰত আঘাত হনা কোনো কথাই মই ইচ্ছাকৃতভাৱে কোৱা নাই। । যদি ভুলবশতঃ কৰা  মন্তব্যই পৰেশ বৰুৱাই অন্তৰত আঘাত বা দুখ দিছোঁ, তেন্তে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ’।

উল্লেখ্য যে প্ৰাক্তন আছু নেতা আৰু আলফা (স্বাধীন)ৰ কেডাৰ বিজু গগৈ ওৰফে ভাগ্য অসমৰ মৃত্যু সন্দৰ্ভত পৰেশ বৰুৱাক ‘মিছলীয়া’ আখ্যা দিছিল অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে। পৰেশ বৰুৱাই পূৰ্বতেও বহুবাৰ অসমৰ ৰাইজক মিছা কথা কোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল। ইয়াৰ পিছতে জাঙুৰ খাই উঠিছিল সংগঠনটো আৰু ক্ষমা প্ৰাৰ্থনাৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। অন্যথা ‘অপৰাধী’ বুলি অভিহিত কৰি সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত নিষিদ্ধ কৰাৰ ভাবুকি দিছিল আলফা স্বাধীনে। 



No comments