Breaking News

আটছাৰ প্ৰতিবাদঃ গোলাঘাটৰ তেতেলীতলৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰীৰ প্ৰতিকৃতি

 


ডিজিটেল ডেস্কাঃ গোলাঘাটত জিলা আটছাই আজি বৰাক ভেলীৰ ডলু চাহ বাগিছাৰ ২০০ বিঘা ভূমিত থকা ৩০ লাখ চাহগছ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে “বৰাক ভেলীৰ ডলু চাহ বাগিছাৰ ২০০ বিঘা ভূমিত থকা ৩০ লাখ জোপা চাহগছ উচ্ছেদ কৰি প্ৰস্তাৱিত গ্রীনফিল্ড বিমানকোঠ নির্মান কৰিব বিচৰা কাৰ্যক আমি তীব্র ভাষাৰে গৰিহনা দিয়ে। চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই সংগঠনটোৰ বিষয়ববীয়াই ৰাজপথত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। 

সংগঠনটোৱে দাবী কৰে যে, এই উচ্ছেদৰ ফলত তিনি হাজাৰৰো অধিক শ্রমিকে চিৰদিনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাব । সংগঠনটোৱে বাগিছাৰ চাহ গছ উচ্ছেদ চলোৱা কাৰ্যক আৰু শ্ৰমিক বিৰোধী কাৰ্যকলাপ কেতিয়াও সমৰ্থন নকৰে বুলি সকীয়াই দিয়াৰ লগতে যেতিয়ালৈ শ্ৰমিক ভৱিষ্যত সুৰক্ষিত নহ’ব সেই পৰ্যন্ত কোনো কাৰণত তাত বিমানকোঠ নিৰ্মাণ হ’বলৈ নিদিয়ে বুলি সকীয়াই দিয়ে।

এই উচ্ছেদ কাৰ্য চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্রে বন্ধ নকৰে তেন্তে আগন্তুক দিনত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ম বুলি হুংকাৰ দিয়ে।


No comments