Breaking News

আদ্ৰা ইণ্ডিয়াৰ দ্বাৰা স্বাস্থ্য কৰ্মীৰ সম্বৰ্ধনা অনুষ্ঠান

 



ডিজিটেল ডেস্কঃআন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা আদ্ৰা ইণ্ডিয়াই আজি ক'ভিড প্ৰতিৰোধী আৰু ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া জড়িয়তে সমাজৰ বাবে সেৱা আগবঢ়ায় অহা ক'ভিড যুদ্ধাসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। তিনিচুকীয়াৰ বিষ্ণু জ্যোতি সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হাপজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড স্বাস্থ্য বিষয়া  ডাঃ চন্দ্ৰলেখা শইকীয়া, খণ্ড প্ৰগ্ৰাম পৰিচালক মৌচুম বৰা, উপ খণ্ড প্ৰগ্ৰাম পৰিচালক জয় চেত্ৰী,  তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ Psychiatric Social Worker লক্ষ্যজ্যোতি দাস, Clinical Psychologist নিৰুপমা চেতিয়া আৰু  আদ্ৰা ইণ্ডিয়াৰ জিলা সমন্বয়ক গৌৰীশংকৰ দত্ত, কৌশিক ৰঞ্জন বৰুৱা লগতে সমুহ কৰ্মকৰ্তা। আদ্ৰা ইণ্ডিয়াৰ খণ্ড সমন্বয়ক ভাচতী গোৱালা আৰু পুজা কৰ্ৰে আঁত ধৰা অনুস্থানত উদ্দেশ্য বাখ্যা আগবঢ়াই তিনিচুকীয়া জিলাৰ জিলা সমন্বয়ক গৌৰীশংকৰ দত্তই আদ্ৰা ইণ্ডিয়াৰ দ্বাৰা জিলা খনত পৰিচালিত আৰু অনুষ্ঠিত হৈ থকা সকলো প্ৰকল্পৰ বিষয়ে অৱগত কৰে। 



খণ্ড স্বাস্থ্য বিষয়া  ডাঃ চন্দ্ৰলেখা শইকীয়া বক্তব্য আগবঢ়াই আদ্ৰা ই বিগত দিনবোৰত গ্ৰহণ কৰা ক'ভিড টীকাকৰণ সম্পৰ্কীয় পদক্ষেপ, মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা  আৰু বিভিন্ন সজাগতা মুলক কাৰ্যসূচী সমুহৰ আলোকপাত কৰি ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ কৰি দৰে লাম্ভিত হৈছে তাৰ বিৱৰণ দাঙি ধৰে । অনুষ্ঠানটোত আদ্ৰা ইণ্ডিয়াৰ প্ৰকল্প কৰ্মক্ষেত্ৰৰ অন্তৰ্গত  জিলাখনৰ সৰ্বমুঠ ৩০ খন চাহ বাগিছাৰ চিকিৎসাক, কল্যাণ বিষয়া, স্বাস্থ্য কৰ্মী, আশা কৰ্মী আৰু আদ্ৰা ইণ্ডিয়াৰ কমিউনিটি ম'বিলাইজাৰকে ধৰি মুঠ ১০০ গৰাকী ক'ভিড যুদ্ধাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে আদ্ৰা ইণ্ডিয়াৰ প্ৰকল্পৰ অধীনত নিয়োজিত ক'মিউনিটি ম'বিলাইজাৰসকলে নিৰ্বাচিত বাগিছাসমূহৰ "Community Action Group" ৰ সদস্যসকলৰ সহযোগত বাগিছাসমূহত ক'ভিড সম্পৰ্কীয় বিভিন্ন সজাগতামূলক কাৰ্য্যৰ লগতে ক'ভিড টীকাকৰণ সম্পৰ্কীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। অনুষ্ঠানটিত একোটাকৈ গছ পুলি, মানপত্ৰ, উপহাৰৰ টোপোলা আৰু গামোচাৰে ক'ভিড যুদ্ধাসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট অতিথিসকলে বক্তব্য আগবঢ়োৱাৰ লগতে অংশগ্ৰহণকাৰীসকলেও নিজা অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে।

No comments