Breaking News

শিলনীজান শংকৰদেৱ শিশুনিকেতনত মাতৃ সন্মিলন উদযাপন

 




ডিজিটেল ডেস্কঃ আজি  শিশু শিক্ষা সমিতি, অসমৰ  নিৰ্দেশ মৰ্মে দিনযোৰা কাৰ্যসূচীৰে শংকৰদেৱ শিশুনিকেতন শিলনীজানত  মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে স্থানীয় সৰবৰহী মহিলা শিলনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত শিক্ষয়িত্রী অমি প্ৰভা গোস্বামীয়ে । পুৱা ৯-৩০ বজাত বন্তি প্ৰজ্বলন কৰে পৰিমিতা গোস্বামীয়ে । বন্তি প্ৰজ্বলনৰ লগতে প্ৰাতঃ বন্দনা আৰু ছাত্র-ছাত্রীৰ দ্বাৰা মাতৃ পুজন কৰা হয় । ১১ বজাৰ পৰা মাতৃ সকলৰ মাজত টেকেলি ভঙা, সংগীত চকী( মিউজিক চেয়াৰ) আৰু বেগাই খোজকঢ়া আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাৰ শেষত মাতৃসকলৰ মাজত লঘু আহাৰ বিতৰণ কৰা হয় । বিয়লি ৩ বজাত মুকলি সভা  অনুষ্ঠিত কৰে । উক্ত সভাত সভাপতিত্ব কৰে শংকৰদেৱ শিশুনিকেতন শিলনীজানৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীনাথ নেওগ ডাঙৰীয়াই ।



সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিলনীজান শংকৰদেৱ শিশুনিকেতনৰ ভাৰপ্ৰাপ্ত প্ৰধান আচাৰ্য্য পিংকু শৰ্মাই। উপস্থিত দুগৰাকী মাতৃয়ে চমু বক্তব্য ৰাখে। মাতৃসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে পৰিচালনা সমিতিৰ উপসভাপতি পৰিমিতা গোস্বামী , নিমন্ত্ৰণ কৰি অনা নিৰ্দিষ্ট বক্তা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ বিষয় শিক্ষক জ্যোৎস্না হিলৈদাৰী শইকীয়া আৰু বিশিষ্ট অতিথি বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ব্ৰজ বিজয় শৰ্মাই । সভাৰ অন্তত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰা হয় । সভাপতিৰ ভাষণ আৰু শিশু শিক্ষা সমিতিৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সভা ভংগ কৰা হয় । নিকেতনৰ সমূহ আচাৰ্য্য আচাৰ্য্যাৰ সহায় সহযোগিতা আৰু আশাশুধীয়া প্ৰচেষ্টাৰে মাতৃ সন্মিলনখনি সাফল্যমন্দিত কৰি তোলাত পৰিচালনা সমিতি আৰু মাতৃ গোটে কৃতজ্ঞতা প্ৰকাশ কৰে ।

No comments