Breaking News

মন্ত্রী অতুল বৰাৰ বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত সম্ভাব্য বানপানী আৰু অন্যান্য উন্নয়নমূলক আঁচনি সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰে  পৰ্যালোচনা বৈঠক

 


অজন্তা তালুকদাৰ বোকাখাত:আজি বোকাখাত মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয় কক্ষত মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত  সম্ভাব্য বানপানীৰ প্ৰস্তুতি আৰু অন্যান্য চৰকাৰী উন্নয়নমূলক আঁচনি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয়।


উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ পৰা তেওঁলোকৰ বিভাগৰ  অধীনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ  বিতং ভাৱে পৰ্যালোচনা কৰে। ইয়াৰ উপৰিও অসম্পূৰ্ণ  হৈ ৰোৱা কাম সমূহ শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ সমূহক মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে সমান্তৰালকৈ তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম-কাজ সমূহ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থাকিবলৈও নিৰ্দেশ প্ৰদান কৰে।


আজিৰ বৈঠকত কৃষি, উদ্যোগ আৰু বাণিজ্য, সমাজকল্যাণ, জলসিঞ্চন, বোকাখাত পৌৰসভা, আৱকাৰী, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, এপিডিচিএল, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, লোকনিৰ্মান (পথ), লোকনিৰ্মান (গৃহ), বন, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, এন আৰ এল (NRL), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ বিষয়ে বিতং খতিয়ান দাঙি ধৰাৰ লগতে আঁচনি সমূহৰ কাম কাজৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত  সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে  মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰী মহোদয়ে  উপস্থিত বিষয়া সকলক সম্ভাৱ্য বানপানীৰ প্ৰতি অধিক সতৰ্ক আৰু সষ্টম হৈ থকাৰ লগতে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। 



আজিৰ সভাত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক  যতীন্দ্ৰ শৰ্মা, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত সকল, বোকাখাত পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু সদস্য, সদস্যা সকল  প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

No comments