Breaking News

মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ


মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ

চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা দুখীয়া মানুহেই পাব লাগিব : বিত্তমন্ত্ৰী




ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই উপলক্ষে ফৰকাটিঙৰ ৰাজীৱ গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে দুখীয়া ৰাইজৰ কল্যানৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে এইসমূহ আঁচনিৰ দ্বাৰা যাতে প্ৰকৃত দুখীয়া লোকসকল উপকৃত হয় তাৰ বাবে ৰাইজে নিজেই সষ্টম ভূমিকা পালন কৰিব লাগিব । কোনো প্ৰকৃত দৰিদ্ৰ লোক যাতে এনে আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ ৰূপায়নত যাতে অনিয়ম নহয়, তাৰ ওপৰতো জনসাধাৰণে দৃষ্টি ৰাখিব লাগিব । তেওঁ কয় যে গণতন্ত্ৰত ৰাইজেই ৰজা । সেয়ে প্ৰকৃত দুখীয়া লোকসকল যাতে বঞ্চিত নহয়, সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গোলাঘাট জিলাখনৰ বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অচিৰেই গোলাঘাটত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব । 

উল্লেখযোগ্য যে গোলাঘাট সমষ্টিত চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত হোৱা ধুমুহা আৰু শিল-বৰষুণত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৩,২০০ টকাকৈ সাহাৰ্য আগবঢ়োৱা হৈছে । গোলাঘাট সমষ্টিৰ ৮ খন গাওঁ পঞ্চায়তৰ ৩৪ জন লোকক আজি এককালীন সাহায্যৰ চেক প্ৰদান কৰা হয় । বাকী থকা কিছুসংখ্যক লোকক চেকযোগে আৰু কিছুসংখ্যকক বেংক একাউণ্টত হস্তান্তৰ কৰা হ'ব । সেই অনুসৰি আঠগাঁও পঞ্চায়তৰ ১০১৩ গৰাকী, আঠখেলীয়াৰ ১২৬, বেঙেনাখোৱাৰ ৭৮, ফৰকাটিঙৰ ১১১, ঘিলাধাৰীৰ ৯৩, গোলাঘাটৰ ৭৫, কলিয়াপানীৰ ৫২৪ আৰু ওৱাটিং গাঁও পঞ্চায়তৰ ৩২০ আৰু গোলাঘাট পৌৰসভা এলেকাৰ এগৰাকী, মুঠ ২,৩৪১ গৰাকী ব্যক্তিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । 

অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সমষ্টিটোৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক ক্ষতিগ্ৰস্ত লোক উপস্থিত আছিল । 

No comments