Breaking News

প্ৰাক্তন ৰেল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বাসগৃহত চিবিআইয়ৰ অভিযান ।



কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে তেওঁৰ কাৰ্যকালত সংঘটিত এক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ এটা নতুন গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ভিত্তিতেই চিবিআইয়ে শুক্ৰবাৰে লালুৰ পাটনাৰ বাসগৃহকে ধৰি পাটনাৰ কমেও ১৭ টা ঠাইত অভিযান চলাই।  সূত্ৰ অনুসৰি, আৰজেডি নেতাজনৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটো 'ৰে'লৱে চাকৰি কেলেংকাৰীৰ অৰ্থাৎ নিযুক্তিৰ নামত ভূমি-সম্পত্তি লোৱাৰ অভিযোগ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীও তদন্তৰ আওতাত সোমাই পৰিছে। চিবিআইৰ তদন্তৰ আওতাত লালুৰ জীয়ৰীও আছে। 

চিবিআইয়ে বিহাৰৰ বিৰোধী দলৰ নেতা আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ পাটনা, দিল্লী আৰু গোপালগঞ্জৰ অন্যান্য স্থানকে ধৰি চৰকাৰী বাসভৱনতো তালাচী চলায়। 



ইফালে আৰজেডি নেতা আৰু কৰ্মীসকলে চিবিআইয়ে একাধিক স্থানত চলোৱা অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

No comments