Breaking News

গোলাঘাট বিশিষ্ট নাগৰিক উমেশ ( বাবুল) লহকৰৰ মৃত্যুত শোক

 


ডিজিটেল সংবাদ, গোলাঘাটঃগোলাঘাটৰ বিশিষ্ট নাগৰিক , গোলাঘাট জ্যোতি বঁটা প্ৰাপক , বন ঔষধৰ বিশেষজ্ঞ উমেশ ( বাবুল) লহকৰৰ আজি বিয়লি  গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । চিৰকুমাৰ ৰূপে জীৱন অতিবাহিত কৰা লহকৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭১বছৰ । প্ৰয়াত লহকৰ যোৱা কিছু বছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল । হোটেল ব্যবসায়ক পেচা ৰূপে লোৱা লহকৰ গোলাঘাটৰ পুৰনি হোটেল মধুৰমৰ গৰাকী আছিল । এগৰাকী মানৱ দৰদী ৰূপে পৰিচিত লহকৰে বহু লোকক বন ঔষধ যোগান ধৰিছিল । তেওঁ ৰঙাজানত বন ঔষধৰ এখন বাগিছা আছিল য'ত দেশ বিদেশৰ পৰা বন ঔষধৰ পুলি আনি ৰোপন কৰিছিল । যাৰ বাবে তেওঁ জাৰ্মানীকে ধৰি কেইবাখনো দেশ ভ্ৰমণ কৰিছিল । গছ গছনি, ফুল বিশেষককৈ প্ৰাকৃতিক ভাল পোৱা লহকৰে বিভিন্ন স্থানত ফুলৰ বাগিচা গঢ় দিছিল । গোলাঘাট পৌৰ সভাৰ প্ৰমোদাভিৰাম দাস উদ্যান খনত তেওঁ কোনো পৰিশ্ৰমিক নোলোৱাকৈ বহু বছৰ ধৰি তদাৰক কৰাৰ লগতে ফুল পুলি ৰোপন কৰি আহিছিল । এই গৰাকী সমাজ আৰু গছ ভাল পোৱা বিশিষ্ট ব্যক্তিক গোলাঘাট পৌৰসভাই প্ৰদান কৰিছিল গোলাঘাট জ্যোতি বঁটা । 

অন্যহাতে বাবুল লহকৰৰ  মৃত্যুত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ  আৰু কৃষি মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰকৃতিপ্ৰেমী গৰাকীৰ মৃত্যুত বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকন , গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা , বিশিষ্ট চিন্তাবিদ হীৰেন গগৈ,  অগপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড০ নৃপেন বৰুৱা , বিশিষ্ট সাংবাদিক দ্বীপেন দত্ত , অপূৰ্ব বল্লভ গোস্বামী, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰা , গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ সভাপতি ডাঃ অজিত বৰুৱা প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰ আদি জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে লাহকৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে।

No comments