Breaking News

গোলাঘাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশ ল'লে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে


চৰকাৰী পুঁজি আৰু আঁচনিৰ ধনৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ

উৎকোচ নোলোৱাকৈ, সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ




ডিজিটেল সংবাদ, গোলাঘাটঃ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে কৰা মত বিনিময় অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ গোলাঘাট জিলা প্ৰশাসন আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশ লয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে কয় যে চৰকাৰখনে সকলো প্ৰত্যাহ্বান নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ আগত ভাৰতক নতুন ৰূপত দেখুৱাবলৈ সক্ষম হৈছে । তেওঁ কয় যে চৰকাৰী আঁচনিসমূহ কেৱল সাময়িক সকাহহে, সেয়ে আঁচনিৰ ওপৰত নিৰ্ভৰশীল নহৈ ইয়াৰ সুবিধা লাভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰা দৰকাৰ । চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত এক চমু আলোকপাত আগবঢ়াই তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰাঞ্চল ৰূপায়নৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে চৰকাৰখনে বৃহৎ পৰিমাণৰ পুঁজি নিৰ্ধাৰণ কৰিছে । কিন্তু এই আঁচনিৰ ধনৰ অপপ্ৰয়োগ হ'ব নালাগে । মানুহৰ বিপদত চৰকাৰ সদায় ৰাইজৰ কাষত থিয় দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো বিভাগে নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব লাগিব । তেওঁ সমাজ কল্যান বিভাগৰ দ্বাৰা ইউ ডি আই ডি কাৰ্ড প্ৰস্তুতকৰণৰ ক্ষেত্ৰত দিব্যাংগ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে বহু আঁচনিৰ বিষয়ে ৰাইজে গমেই নাপায় আৰু ই আঁচনিৰ সফল ৰূপায়নত বৃহৎ প্ৰত্যাহ্বান । তেওঁ কয় যে পঞ্চায়তৰ ৱাৰ্ড কমিছনাৰৰ পৰা আশা-অংগনৱাড়ী কৰ্মীলৈকে জনপ্রতিনিধি, চৰকাৰী বিষয়া-কৰ্মচাৰী সকলোৱে একত্ৰিতভাবে কাম কৰিলেহে এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি এটা বিপ্লৱৰ সূচনা কৰিব পৰা যাব, যি বিপ্লৱেৰে আমি উন্নয়নৰ দিশে আগবাঢ়িব পাৰিম । তেওঁ পুনৰ কয় যে সমাজত সুস্থ-সবল শিশু যাতে জন্ম হয় এয়া সকলোৰে সামাজিক দায়িত্ব । সকলোৱে নিজৰ এই দায়িত্ব পূৰণ কৰিব পাৰিলে মুখ্যমন্ত্ৰীৰ সপোন পূৰণ কৰি অসমক আমি দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিবলৈ সক্ষম হ'ম বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ পোষণ অভিযান, জল জীৱন অভিযান আদি বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে ।



অনুষ্ঠানত ভাগ লৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে ক'ভিডৰ পিছত বিশ্ব অৰ্থনীতিয়ে সাংঘাতিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল । কিন্তু সকলো প্ৰত্যাহ্বান আৰু দুৰ্যোগপূৰ্ণ পৰস্থিতিৰ মুখামুখি হৈ আমাৰ দেশে বিশ্ব মঞ্চত শক্তিশালীভাবে থিয় দিবলৈ সক্ষম হয় । তেওঁ কয় যে দেশ পৰিচালনাৰ মুলমন্ত্ৰ সেৱা, সু-শাসন আৰু গৰিব কল্যাণ । তেওঁ প্ৰতিজন বিষয়াক উৎকোচ নোলোৱাকৈ সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজৰ প্ৰতিজন লোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে আমি প্ৰয়াস চলাব লাগিব, তেতিয়াহে ভাৰতবৰ্ষ পৃথিৱীত বিশ্বগুৰু হ'ব পাৰিব । তেওঁ লগতে ৰাইজক সচেতন হ'বলৈ আহ্বান জনায় যাতে কোনেও আঁচনিৰ নামত আভুৱা ভাৰিব নোৱাৰে । তেওঁ বিভিন্ন আঁচনিৰ বিষয়ে অংশগ্ৰহনকাৰীসকলক বিতংভাবে অৱগত কৰে । উপায়ুক্ত গৰাকীয়ে অযোগ্য হিতাধিকাৰীসকলক আঁচনিৰ সুবিধা স্বেচ্ছাই ত্যাগ কৰিবলৈও আহ্বান জনায় । 



অনুষ্ঠানত ভাষণ দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বিষয়াগৰাকীৰ লগতে হিতাধিকাৰীসকলৰো দায়িত্ব আছে । কোনো আঁচনি বেয়া নহয়, আঁচনিৰ অপব্যৱহাৰহে বেয়া বুলি তেওঁ কয় । 



অনুষ্ঠানত জিলা পৰিষদৰ অধ্যক্ষ হেলিনা পেগু দলে, অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, কুলদীপ হাজৰিকা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত আছিল ।

No comments