Breaking News

বোকাখাতৰ বিহৰা আৰু হাতীখুলি চাহ বাগিচাত দুখনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই

 


অজন্তা তালুকদাৰ,বোকাখাতঃ বৰ্তমান ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰখনত এক ব্যাপক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে অসমৰ চাহ বাগিচা এলেকাসমূহত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনেৰে লোৱা এক যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই বোকাখাতৰ বিহৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাতীখুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় দুখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্য প্ৰসঙ্গত উল্লেখ কৰে যে শিক্ষানুষ্ঠানসমূহ হৈছে প্ৰকৃত মানৱ সম্পদ গঢ়াৰ অমূল্য অনুষ্ঠান। আমাৰ চাহ বাগিচা অঞ্চলসমূহত মেধাসম্পন্ন তথা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থীৰ অভাৱ নাই। তেওঁলোকক সঠিক পথ দেখুৱাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব। তেওঁ আৰু কয় যে শৈক্ষিক ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা আঁচনিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে আৰু সেয়েহে চৰকাৰৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই বিদ্যালয় সমূহ প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়াৰ অনুষ্ঠান হওক। নৱনিৰ্মিত এই শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকল উপকৃত হ'ব আৰু অনাগত সময়ত এই শিক্ষানুষ্ঠানসমূহে সমাজৰ সৰ্বদিশৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজিৰ এই অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ড° সমীৰণ বৰা প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়া, পঞ্চায়তৰ প্ৰতিনিধিসকল, বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীসকল, বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি, অভিভাৱকসকল, শিক্ষাৰ্থীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে "গুণোৎসৱ-২০২২"ৰ দ্বিতীয় পৰ্যায়ৰ অংশস্বৰূপে আজি বোকাখাত পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত ১২ নং বিহৰা বাগিচা প্ৰাথমিক বিদ্যালয়ত মন্ত্রী অতুল বৰাই এগৰাকী বহিঃমূল্যায়কৰূপে পৰিদৰ্শন কৰে আৰু শিক্ষক তথা বিদ্যাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।

No comments