Breaking News

বোকাখাটৰ ২নং অফলা গাৱত "A Day Out With Farmers" অনুস্হান উদযাপন।




ডিজিটেল সংবাদ, গোলাঘাটঃ ৰঙালী বিহুৰ উদযাপনৰ অংশ হিচাবে বোকাখাট চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৈচিত্ৰা হাকমাওচাৰ দ্বাৰা ২নং অফলা গাৱত দেওবাৰে (১মেত) "A Day Out With Farmers" শীৰ্ষক এক অনুস্হান আয়োজন কৰা হৈছিল। এই কাৰ্যসূচীলৈ গোলাঘাট জিলাৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী দেৱজিৎ  ফুকন আৰু সমাজকৰ্মী আৰু উদ্যোগী ৰশ্মি ফুকনক আমন্ত্ৰণ জনোৱা হৈছিল।


 দেৱজিৎ ফুকন আৰু ৰশ্মি ফুকনে বিশেষ আমন্ত্ৰণ কাৰী হিচাবে চিন্তাপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তেওঁলোকক সংগ দিছিল গোলাঘাট জিলাৰ APART প্ৰকল্পৰ ৰিৰ্চাছ টেকনিচিয়ান অভিষেক সিংঘায়ে।

  

চিন্তাশীল কাৰ্যসূচী উপলক্ষে বোকাখাটৰ ব্ৰহ্মপুত্ৰ ভেলি কৃষক প্ৰযোজক কোম্পানীয়ে (ব্ৰহ্মপুত্ৰ ভেলি FPC)সম্বৰ্ধনা অনুস্হান

আয়োজন কৰিছিল। অধ্যক্ষ, পৰিচালক মণ্ডলী আৰু ব্ৰহ্মপুত্ৰ ভেলি FPC'ৰ সদস্যসকলে দেৱজিৎ ফুকন, ৰশ্মি ফুকন আৰু বৈচিত্ৰা হাকমাওচাক এপৰ্বৰে (মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত মাফলাৰ) সম্বৰ্ধনা জনাই লগতে প্ৰেম আৰু যত্নৰ চিন হিচাপে গামোছা আৰু জৈৱিক মৌ প্ৰদান কৰে।

  

কৃষি উন্নয়ন বিষয়া বৈচিত্ৰা হাকমাওচায়ে এপাৰ্ট প্ৰকল্পৰ বিনা ধান -১১মেট পদ্ধতিৰ জৰিয়তে অঞ্ছলটোত প্ৰথমবাৰলৈ Transplanter জৰিয়তে প্ৰদৰ্শনীমূলক কৰা খেতি দেখুৱাই আৰু বিভিন্ন দিশত আলোচনা কৰে। আলোচনা কালত APARTপ্ৰকল্পৰ ৰিৰ্চাছ  টেকনিচিয়ান অভিষেক সিংঘায়ে আন্তৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ (IRRI) কৃষকসকলৰ ওপৰত  অৱদান সমূহ দেৱজিৎ ফুকন আৰু ৰশ্মি ফুকনক জানিবলৈ দিয়ে।


পৰবৰ্তী সময়ত সমাজকৰ্মী ৰশ্মি ফুকনে ব্ৰহ্মপুত্ৰ ভেলি FPC ৰ অধক্ষ্য ভক্ত লাল উপাধ্যায়, পৰিচালক মণ্ডলী আৰু সদস্য সকল, এপাৰ্ট প্ৰকল্পৰ হিতাধিকাৰী আৰু স্হানীয় কৃষকসকলৰ সৈতে ভ্লগিং (Vlogging) উদ্দেশ্যৰ বাবে বাৰ্তালাপ কৰে।

 

কাৰ্যসূচীৰ সময়ত বোকাখাট চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহায়ক,বোকাখাট উন্নয়ণ খণ্ডৰ খণ্ড প্ৰযুক্তি প্ৰৱন্ধকো উপস্থিত আছিল।

No comments