Breaking News

মানুহে মানুহৰ বাবে! Wariors গোলাঘাট জিলা সমিতিয়ে আশ্ৰয় স্থল দিলে এগৰাকী মানসিক ভাৰসাম্য হেৰুৱা মহিলাক

 



ডিজিটেল সংবাদ, গোলাঘাটঃ Wariors গোলাঘাট জিলা সমিতিয়ে দেওবাৰে থুৰাজান অঞ্চলৰ এটি বাটচৰাত আশ্ৰয়হীন এগৰাকী মানসিক বিকাৰগ্ৰস্ত  মহিলাক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰি মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়।  যি গৰাকী মহিলাই নিজৰ পৰিচয় আৰু ঘৰৰ ঠিকনাটো দিবলৈও অসমৰ্থ । উল্লেখ্য যে মহিলাগৰাকীয় অসহায় হৈ অনাই বনাই ঘূৰি ফুৰা দেখি প্ৰথম অৱস্থাত মহিলাগৰাকীৰ কাষলৈ আহে গোলাঘাট থুৰাজানৰ Wariors ৰ সতীৰ্থ জুলি হাজৰিকা। তাৰ পিছতেই Wariors ৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত হয় অসহায় মহিলাগৰাকীৰ কাষত। ইয়াৰ পিছতে জুলি হাজৰিকাই  খোৱাৰ যোগাৰ  কৰি লৈ যায় আৰু মহিলা গৰাকী গা ধুৱা ব্যৱস্থা কৰি চাফা কাপোৰ পিন্ধাই আহে, তাৰ পাছতে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিষয়টো অৱগত কৰাই এখনি লিখিত আবেদন দিয়া বুলি জানিবলৈ দিয়ে। তাৰ পাছতেই যোগাযোগ কৰে Home for Mentally ILL Person নামৰ এটা চৰকাৰী NGO লগত। উল্লেখণীয় যে এনে মানসিক ভাৰসাম্য হেৰুৱা মহিলা সকলক চৰকাৰী চিকিৎসাৰ জৰিয়তে সুস্থ কৰিবলৈ উক্ত NGO টোৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেয়েহে Wariors ৰ বিষয়ববীয়াসকলে এনজিঅ’টোৰ  স্বত্বাধিকাৰীক লগ কৰি উক্ত মহিলা গৰাকীক তেওঁলোকক গতাই দিয়ে। উক্ত এনজিঅ’টোত পূৰ্বেৰ পৰাই কেইগৰাকীও মানসিক ভাৰসাম্য হেৰুৱা মহিলা আশ্ৰয় গ্ৰহণ কৰি আছে। শেষত Wariors বিষয়ববীয়া সকলে বিদায়ী পৰত অকনমান সুখ আৰু মৰম বিলাবলৈ এপাক নাচি আনন্দ বিলোৱা বিলাবলৈ চেষ্টা কৰা দেখা যায়। এইক্ষেত্ৰত সহযোগিতা আগবঢ়াই Wariors ৰ হৈ  মৃণাল শইকীয়া, জয়ন্ত বৰা, আলিফা বেগম, চম্পা চৰকাৰ আৰু নিৰ্মালি কলিতাই।

No comments