Breaking News

প্ৰধানমন্ত্ৰীৰ ইউৰোপ ভ্ৰমণ , তিনি দেশ, ২৫ খন সভা, আৰু ৮ জন ৱৰ্ল্ড লিডাৰ লগত সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ যাত্ৰা আৰম্ভ হ'ল। ইয়াৰ বাবে তেওঁ জাৰ্মানও পাইছেগৈ। তেওঁ ডেনমার্ক আৰু ফান্সও ভ্ৰমণ কৰিব। 



ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ মোদী ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে তিনি দিনীয়া ভ্ৰমণ কাৰ্যসূচী ২মে'ৰ পৰা ৪ মে'ত হ'ব। ইউৰোপৰ তিনি খন দেশৰ ভ্ৰমণত  প্ৰধানমন্ত্ৰী মোদীয়ে ৬৫ ঘন্টাত ২৫ খন সভাত উপস্থিত থাকিব। ইয়াৰ লগতে  ৮ বৈদেশিক নেতাৰ লগতো মিলিত হ'ব। কোৱা হৈছে যে ২০২২ চনত এয়া মোদীৰ প্ৰথম বিদেশ ভ্রমণ। এই তিনি দিনত মোদীয়ে ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় প্ৰবাসী আৰু ব্যবসায়ী সকলৰ লগতো মিলিত হ'ব। ইয়াৰ পিছতে ফান্সত গৈ  পুনৰ  ৰাষ্ট্ৰপতি  পদৰ বিজয়ী প্ৰাৰ্থী ইমানুৱেল মেক্ৰ'নৰ সৈতে মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ ইউৰোপ ভ্ৰমণ বহুত গুৰুত্বপূর্ণ। কিয়নো ইউৰোপৰ বেছিভাগ দেশ ইউক্ৰেইনৰ বিপক্ষে যুদ্ধত ৰাছিয়াৰ বিৰোধ কৰিছে। এই দেশবিলাকে  ৰাছিয়াৰ বাবে বহুতো প্ৰতিবন্ধ লগাইছে। আনফালে, ভাৰতে বৰ্তমানলৈকে একো নোকোৱাকৈয়ে আছে। হয়তো, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশৰ ৰাষ্ট্ৰপতি সৈতে আলোচনা কৰি এই বিষয়ে সমাধানৰ অনুৰোধ কৰিছে।

No comments