Breaking News

চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ।

 


মৃত্যুঞ্জয় দাস, সোণাৰীঃ নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰাত আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ।


আনহাতে ক'ভিড সম্পৰ্কীয় কথা-বতৰাবোৰ এৰি চলিবলৈ সকলোকে আহ্বান জনোৱা লগতে ক'ভিড সম্পৰ্কীয় SOP দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।


উল্লেখ্য যে, সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মীয়মান চৰাইদেউ জিলা চিকিৎসালয়ৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লবলৈ আজি আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰ্মানস্থলী পৰিদৰ্শন কৰাৰ লগতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি আগন্তুক ২০২৪ চনৰ শেষৰফালে চৰাইদেউ মেডিকেল কলেজ মুকলি কৰিব পৰা হ'ব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত।


 দুদিনীয়া কাৰ্যসূচীৰে  শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণৰ বাবে অহা  মুখ্যমন্ত্ৰী গৰাকীৰ লগত আজি উপস্থিত থাকে ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহন, শক্তি মন্ত্ৰী বিমল বড়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া।



No comments