Breaking News

ৰাছিয়াৰ আক্রমণক প্ৰতিৰোধৰ বাবে স্পেইনৰ ৰাণীৰ ইউক্ৰেইনলৈ গ্ৰেনেড উপহাৰ

 


ডিজিটেল ডেস্কঃ ইউক্ৰেইনক ৰাছিয়াই কৰা  আক্ৰমণ বৰ্তমানেও   অব্যাহত থকাৰ মাজতে স্পেইনৰ ৰাণীয়ে ইউক্ৰেইনলৈ উপহাৰ হিচাপে গ্ৰেনেড প্ৰেৰণ কৰে।


স্পেইনৰ ৰাণী গৰাকীয়ে ইউক্ৰেইনৰ সেনালৈ গ্ৰেনেড উপহাৰ আগবঢ়াই পত্ৰ লিখি ইউক্ৰেইনৰ বিজয় কামনা কৰে।


"মই তোমালোকৰ বিজয় প্ৰাৰ্থনা কৰিছো! মৰমেৰে লেতিজিয়া,” স্পেইনৰ ৪৯ বছৰীয়া ৰাণীয়ে ইউক্ৰেইনলৈ এইদৰে  লিখি বাৰ্তা প্ৰেৰণ কৰিছে ।


জানিব পৰা মতে,স্পেইনৰ ৰাণী গৰাকীয়ে অলপতে স্পেইনৰ মাদ্ৰিডত থকা ৰেড ক্ৰছ ক্ৰাইছিছ য়ুনিট পৰিদৰ্শন কৰে।


ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত দেশ এৰি পলায় অহা বহু ইউক্ৰেইনৰ নাগৰিকক স্পেইনে শৰণাৰ্থী হিচাপে নিজ দেশত শৰণ দিছে।


ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ  দুমাহ অতিক্ৰম কৰিলে। ইয়াৰ পিছতো ৰাছিয়াই আক্ৰমণ  হ্ৰাস কৰা নাই । বৰঞ্চ যুদ্ধ  অধিক তীব্ৰতৰহে কৰিছে।


 ইয়াৰোপৰি,  ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুনৰবাৰ বিশ্বৰ আন আন দেশসমূহলৈ সহায় ভিক্ষা কৰিছে

No comments