Breaking News

পুনৰ কপি উঠিল আফগানিস্তান , নামাজৰ সময়তে ব্লাষ্ট মছজিদত

 


ডিজিটেল ডেস্কঃপুনৰ কপি উঠিল আফগানিস্তান। পুনৰ শুকুৰবৰীয়া নামাজৰ সময়তে বোম ব্লাষ্ট মছজিদত।কালি শুকুৰবাৰে বহু সংখ্যক লোক নামাজৰ বাবে মছজিদত উপস্থিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।আফগানিস্তানৰ ৰাজধানী কাবুলৰ চেৰাহী আলাউদ্দিন এলেকাৰ খলিফা আগা গুল জান মছজিদত এই ঘটনা সংঘটিত হৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ ৰো অধিক।বোমা ব্লাষ্টৰ ফলত মছজিদৰ ছাদ ভাঙি পৰি থিতাতে ১০ গৰাকী লোকৰ মৃত্যু হয়। অন্যহাতে কেইবাজনো লোক আহত হয়। আহত সকলৰ ভিতৰত কেইবাগৰাকীৰো অৱস্থা সংকটজনক।উল্লেখ্যযোগ্য যে, ইয়াৰ পূৰ্বেও ২১ এপ্ৰিল তাৰিখে আফগানিস্তানত মছজিদত নামাজৰ সময়তে বোমা ব্লাষ্টৰ ঘটনা সংঘটিত হৈছিল। একেটা দিনতে দেশখনৰ তিনি ঠাইত ব্লাষ্ট হৈছিল।

No comments