Breaking News

"নন্দ বৰা সোঁৱৰণী" আৰু "ভুৱনচন্দ্ৰ শইকীয়া সোঁৱৰণী" জিলাভিত্তিত অনুষ্ঠিত চিত্রাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান



 "নন্দ বৰা সোঁৱৰণী" আৰু "ভুৱনচন্দ্ৰ শইকীয়া সোঁৱৰণী"  জিলাভিত্তিত অনুষ্ঠিত চিত্রাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান

ডিজিটেল ডেস্কঃ গোলাঘাট নগৰৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাত্মা বাল্য ভৱনৰ সৌজন্যত বিদ্যালয় খনৰ ৰূপালী জয়ন্তী বৰ্ষ (২০২২) উদযাপন উপলক্ষে জিলা ভিত্তিত অনুষ্ঠিত আন্ত:বিদ্যালয়ৰ চিত্রাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক অহা ৩০ এপ্ৰিল তাৰিখে বিদ্যালয়ৰ  প্ৰাংগনত বঁটা বিতৰন কৰা হ'ব বুলি উদ্যোক্তা সকলে জনাইছে।দিনত ১২:৩০ বজাৰ পৰা অনুষ্ঠিতব্য উক্ত সভাত আন্ত:বিদ্যালয় চিত্রাংকন প্ৰতিযোগীতাৰ নিম্ন শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰাপক মেঘৰাগিণী বৰা (মহাত্মা বাল্য ভৱন) ক "পোনা গগৈ সোঁৱৰণী বঁটা "দ্বিতীয় পুৰস্কাৰ প্ৰাপক শুভাংক শেখৰ গগৈ (বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়)ক "মহেন্দ্ৰ  নাথ হাজৰিকা সোঁৱৰণী বঁটা" আৰু ৩য় পুৰস্কাৰ  প্ৰাপক সীমান্ত গগৈ ( বিদ্যা বিহাৰ বিদ্যালয়)ক "আচিয়া বেগম সোঁৱৰণী বঁটা" প্ৰদান কৰা হ'ব।আনহাতে উচ্চ শাখাৰ পুৰস্কাৰ প্ৰাপক অলিভিয়া দে (বিদ্যা বিহাৰ বিদ্যালয় )ক "নন্দ বৰা সোঁৱৰণী বঁটা",২য় পুৰস্কাৰ  প্ৰাপক শ্রী প্ৰাপ্তি কৌৰক (চেক্ৰেড্ হাৰ্ট) "ভুৱন চন্দ্ৰ শইকীয়া সোঁৱৰণী বঁটা" আৰু ৩য় পুৰস্কাৰ প্ৰাপক শ্রী বাগ্মিতা বৰপাত্র গোঁহাইক (বিদ্যা বিহাৰ বিদ্যালয়) "বৰা মামুদ সোঁৱৰণী বঁটা" প্ৰদান কৰা হ'ব।এই অনুষ্ঠানতে ব্যক্তিত্ব গঠনৰ এটি অনুষ্ঠান পৰিচালনা কৰিব শিল্পী ৰেখাশ্রী সন্দিকৈয়ে।

No comments