Breaking News

ৰাছিয়া-য়ুক্ৰেইন যুদ্ধ, ভাৰতৰ বন্দে ভাৰত ৰেল নিৰ্মাণত বৃহৎ ক্ষতি




ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভাৰতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র অৰবিন্দ বাগছিয়ে ৰাছিয়াৰ ইউক্রেইন আক্রমণৰ ফলত বন্দে ভাৰতৰ নিৰ্মাণত ব্যৱহাৰ হোৱা কিছু সামগ্রীৰ যোগান ব্যাহত কৰিছে বুলি উল্লেখ কৰে। 


অৰবিন্দ বাগছিয়ে কয় যে, "যুদ্ধই প্ৰয়োজনীয় কিছু সামগ্রীৰ যোগান ব্যাহত কৰিছে কিন্তু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি যাতে বন্দে ভাৰত ৰেল'ৰ নিৰ্মাণ যাতে বাধাগ্রস্ত নহয় তাৰবাবে অন্য বিকল্পৰ কথা চিন্তা কৰিছো"। 


উল্লেখ্য যে, ভাৰতীয় ৰেল'ৱে ইউক্ৰেইনৰ এখন প্ৰতিষ্ঠানৰ পৰা ১৬ মিলিয়ন মার্কিন ডলাৰৰ ৩৬,০০০ হুইলৰ অৰ্ডাৰ দিছিল। 


বৰ্তমান ৰাছিয়া-য়ুক্ৰেইন যুদ্ধই দুমাহ অতিক্রম কৰিছে। এই যুদ্ধত ২২ হাজাৰৰো অধিক  ৰাছিয়ান  সেনাই ইউক্ৰেইনত নিহত হৈছে, এক বিবৃতি অনুসৰি  এই তথ্য জানিব পৰা গৈছে।

No comments