Breaking News

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই কেনেদৰে পৰিচালনা কৰে ‘টাটা গ্ৰুপ’

 প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই কেনেদৰে পৰিচালনা কৰে ‘টাটা গ্ৰুপ’

অপূৰ্ব বল্লভ গোস্বামী, লেখক



যদিও মই অসমীয়া নাজানো,  মই যি কম এয়া মোৰ হৃদয়ৰ ভাষা। আশাকৰো আপোনালোকে এই ভাষা বুজি পাব- হয়!

টাটা ট্ৰাষ্ট্ৰৰ অৰ্থ সাহায্যৰ বাবেই বৃহস্পতিবাৰে অসমে লাভ কৰিলে ৭খনকৈ কেন্সাৰ হস্পাতাল। ৰোগীয়া দেহাৰেই অসমলৈ আহি অসমবাসীক উপহাৰ দি গ’ল বহুমূলীয়া উপহাৰ ৰতন টাটাই । মানৱ দৰদী মহান ব্যক্তিজনে অসমবাসীক কৈ গল- যদিও মই অসমীয়া নাজানো,  মই যি কম এয়া মোৰ হৃদয়ৰ ভাষা। আশাকৰো আপোনালোকে এই ভাষা বুজি পাব- হয়! দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ এই মহানুভৱতা  প্ৰতিজন অসময়ীয়াৰ হৃদয়ত যে এক বিশেষ স্থান লাভ কৰবিলৈ সক্ষম হ’ব সেয়া নিশ্চিত। অসমবাসীক ৰতন টাটাই যি সহায় আৰু উপহাৰ আগবঢ়াইছে সেয়া যুগ যুগান্তৰলৈ ৰাইজে মনত ৰাখিব।

কিন্তু এইগৰাকী প্ৰসিদ্ধ উদ্যোগপতি গৰাকীয়ে তেওঁৰ এই বিশাল ব্যৱসায় কেনেদৰে পৰিচালনা কৰে। কিয় অতি জনপ্ৰিয় এই টাটা গ্ৰুপ। এই বিষয়ে হয়তু আমাৰ সকলোৰে জানিবলৈ মন যায়। এইক্ষেত্ৰত মোৰ এটা সৰু অভিজ্ঞতাৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তেওঁলোকৰ গ্ৰুপৰ মুখ্য কাৰ্যালায়ে কেনেদৰে সম্পৰ্ক বৰ্তাই ৰাখে গ্ৰাহক সৈতে। 

চন ১৯৯৫ ! এক অভিযোগ লৈ মই উপস্থিত হৈছিলোঁ টাটা মটৰচ মুম্বাই (সেইসময়ৰ বোম্বে) ৰ মুখ্য কাৰ্যালয়ত। অভিযোগ আছিল গুৱাহাটীৰ টাটা গ্ৰুপৰ অধীনৰ ফ্ৰেঞ্চ মটৰ্চৰ হেমাহি। 

১৯৯৪ চনত গুৱাহাটীৰ অধীনৰ টাটা কোম্পানী ডিলাৰ ফ্ৰেঞ্চ মটৰ্চৰ পৰা এখন টাটা চেচিচ ক্ৰয় কৰি জাম্চেদপুৰৰ উৎকলৰ বডি বিল্ডাৰৰ প্ৰতিষ্ঠানত এখন বাছ নিৰ্মাণ কৰা হৈছিল। আমি বাচখন চলাওঁতে ডিফেঞ্চেলত এক বৃকট শব্দৰ সৃষ্টি কৰে। যাৰ ফলত যাত্ৰীসকলৰ যাতায়তত ব্যাঘাত জন্মাইছিল। সেয়েহে আমি বাছখন মেৰামতিৰ বাবে গুৱাহাটী টাটা ডিলাৰ ফ্ৰেঞ্চ মটৰচলৈ লৈ যাওঁ। তেনেদৰে কেইবাৰো বাছ কোম্পানীটোলৈ মেৰামতিৰ বাবে নিয়া হৈছিল যদিও বাচখনৰ বিজুতি নিৰাময় কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰ পিছত ডিলাৰটোৱে ডিফেঞ্চেলৰ তেল পিনিয়ন নামৰ পাৰ্চটো সলনি কৰিব লাগিব বুলি কয় আৰু আমি সলনি কৰিবলৈ কোৱাত তেওঁলোকৰ তাত ডিফেঞ্চেলৰ তেল পিনিয়ন নামৰ পাৰ্চটো নাই বুলি প্ৰায় ছমাহমান আমাক ৰিপ্লেচমেণ্ট নকৰাকৈ বাছখন তেনেদৰেই ৰাখিছিল। যাৰ বাবে  টাটা কোম্পানীৰ উক্ত বাচখনক লৈ চিন্তিত হৈ পৰিছিলোঁ। 

       ইয়াৰ পাছত এদিন মই বিশেষ কামৰ বাবে মুম্বাই (সেইসময়ৰ বোম্বে)লৈ যাব লগা হৈছিল। সেই ছেগতে মুম্বাইত যিহেতু টাটা কোম্পানীৰ মুখ্য কাৰ্যালয়টো আছে তাতে সোমাই গুৱাহাটীৰ ডিলাৰটোৰ হেমাহি অৰ্থাৎ কামত যি অৱহেলা সেই সম্পৰ্কত অৱগত কৰাৰ উদ্দেশ্যে এটা অভিযোগ দিয়াৰ কথা ভাবিলোঁ। কথা মতেই কাম,  যদিও প্ৰথম অৱস্থাত মই ভবা নাছিলোঁ মোৰ অভিযোগটো জানো মুখ্য কাৰ্যালয়ে গুৰুত্বসহকাৰে ল’ব? তথাপিও মই অভিযোগ দিয়াৰ উদ্দেশ্যে তেওঁৰ টাটা গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গ’লো। 

সোমাই গৈয়ে কাউণ্টাৰত  টাটা কোম্পানীৰ চেয়াৰমেনক লগ কৰিবলৈ অহা বুলি অৱগত কৰোঁ। ইয়াৰ পিছতে মই অসমৰ পৰা যোৱা বুলি জানিব পাৰি কোম্পানীটোৰ কেইবাজনো বিষয়াই আমাক লগ কৰি অতি নম্ৰতাৰে কাৰ্যালয়লৈ অহাৰ কাৰণ জানিব বিচাৰিলে। সেইসময়ত ৰতন টাটা কাৰ্যালয়ত উপস্থিত নাছিল। কাৰ্যালয়ৰ ডিজিএম পৰ্যায়ৰ নটৰাজন উপাধিৰ এজন বিষয়াই তেওঁৰ চেম্বাৰলৈ নি প্ৰথতে মোৰ লগত দুই এটা কথা পতাৰ অন্তত আপ্যায়ন কৰাই মোৰ অভিযোগৰ বিষয়ে জানিব বিচাৰে। মই যেতিয়া গুৱাহাটীৰ ডিলাৰ সম্পৰ্কত জনালো তেওঁ আশ্বৰ্য প্ৰকাশ কৰি মই তেওঁলোকৰ অধীনৰ ডিলাৰৰ হেমাহিৰ বাবে অসমৰ পৰা মুম্বাইলৈ অহা কথাটোত অত্যন্ত দুখ পোৱাৰ কথা অৱগত কৰে । শেষত বিষয়াগৰাকীয়ে মোৰ সন্মুখতে গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তলৈ ফোন কৰি মোক এইটোৱেই আশ্বস্ত কৰিলে যে আপুনি কাইলৈ গাড়ীখন ডিলাৰলৈ পঠাই দিয়ক। গুৱাহাটীত আমাৰ টাটা কোম্পানীৰ বিষয়াৰ উপস্থিতিত আপোনাৰ গাড়ীখন মেৰামাতি কৰি দিব আৰু তাৰ পিছত আপোনাৰ ফিটবেক আমালৈ প্ৰেৰণ কৰিব। 

ইয়াৰ পিছতেই যিটো কাম ডিলাৰে ছমাহধৰি নানা অজুহাত দেখুৱাই বাচখন ভাল কৰি দিয়া নাছিল মুম্বাইৰ মুখ্য কাৰ্যালয়ৰ এটা ফোনকলতে পিচদিনাই মই মুম্বাইত থকাৰ অৱস্থাতে গুৱাহাটীৰ ফ্ৰেঞ্চ মটৰচে বাচখনৰ পাৰ্চ সলনি কৰি মেৰামতিৰ কাম সম্পূৰ্ণ কৰি তোলে।

এইয়াই হৈছে ৰতন টাটাৰ সপোনৰ টাটা গ্ৰুপৰ অৰ্থাৎ টাটা মটৰ্চৰ দায়ৱদ্ধতা।  আৰু সেই দিনাই মই উপলব্ধি কৰিছিলোঁ টাটা গ্ৰুপ কিয় ইমান জনপ্ৰিয় আৰু নিৰ্ভয়যোগ্য কোম্পানী । ৰতন টাটা সেইদিনা কাৰ্যালয়ত উপস্থিত নাছিল যদিও কোম্পানীটোৰ বিষয়ববীয়াসকলৰ ব্যৱহাৰ আৰু তেওঁৰ দায়ৱদ্ধতা দেখি আমি অভিভূত হৈ পৰিছিলোঁ। 

No comments