Breaking News

অসমৰ মানুহে বহুত মৰম দিছে। অসমৰ ৰাইজৰ এই মৰম সুতে মূলে উন্নয়নৰ মাধ্যেমেৰে উভতাই দিয়া হব -প্ৰধানমন্ত্ৰী মোদী

অসমৰ মানুহে বহুত মৰম দিছে। অসমৰ ৰাইজৰ এই মৰম সুতে মূলে উন্নয়নৰ মাধ্যেমেৰে উভতাই দিয়া হব -প্ৰধানমন্ত্ৰী মোদী




ডিজিটেল ডেস্কঃ আজি  বহুকেইটা উদ্দেশ্যলৈ অসমত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয়। লগতে তেওঁ বহুকেইটা আকৰ্ষণীয় ভাষণও প্রদান কৰে। 


তেওঁ কয়, অসমৰ ৰাইজৰ মৰম উন্নয়নৰ মাধ্যমেৰে উভতাই দিয়া হব’, তেওঁ আৰু কয় যে অসমে বহুখিনি উন্নয়নৰ মুখ দেখিছে। ২০১৪ চনৰ পিছতহে উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃত উন্নয়ন আৰম্ভ হৈছে ।


অসমৰ উপস্থিত হোৱাৰ পাছতে কাৰ্বি আংলং জিলাৰ ডিফুত এক ‘শান্তি, সম্প্ৰীতি আৰু উন্নয়ন’ ৰেলী সম্বোধন কৰে মোদীয়ে।


মোডীয়ে কয়- “অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে স্বাক্ষৰিত চুক্তিখনৰ মতে অস্ত্ৰ-শস্ত্ৰ এৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উভতি অহা লোকসকলক পুনৰ সংস্থাপন কৰাৰ বাবেও অধিক ভাল কাম কৰা হৈছে।”


শেহতীয়াকৈ অসমৰ ২৩ খন জিলাৰ পৰা সামৰিক বাহিনী (বিশেষ ক্ষমতা) আইন আংশিকভাবে প্ৰত্যাহাৰ কৰাৰ কথাও উল্লেখ কৰে।


প্ৰধানমন্ত্ৰীয়ে কয়, যোৱা বছৰ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ কেইবাটাও সংগঠন শান্তি আৰু উন্নয়নৰ সমাধানৰ সৈতে জড়িত আছিল। ২০২০ চনত বড়ো চুক্তিয়ে স্থায়ী শান্তিৰ বাবে নতুন পথ মুকলি কৰিছিল। অসমৰ উপৰিও ত্ৰিপুৰাতো এনএলএফটিয়ে শান্তিৰ পথত পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰায় আঢ়ৈ দশক ধৰি চলি অহা ব্ৰু-ৰেং সমস্যাও সমাধান কৰা হয়।


প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, অসমৰ মানুহে বহুত মৰম দিছে। অসমৰ ৰাইজৰ এই মৰম সুতে মূলে উন্নয়নৰ মাধ্যেমেৰে উভতাই দিয়া হব।

No comments