Breaking News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপন

 

ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি বিকাশৰ নতুন গতিৰে ধাৱমান হৈছেঃ কামাখ্যা প্ৰসাদ তাছা



ডিজিটেল সংবাদ, গোলাঘাটঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে । অনুষ্ঠানত অংশ লোৱা লোকসকলে মঞ্চত সংস্থাপন কৰা পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপনকে ধৰি তেওঁৰ ডিব্ৰুগড়ৰ সকলো কাৰ্যসূচী প্ৰত্যক্ষ কৰে । অনুষ্ঠানত ভাষণ দি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সংস্থা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনক এই মহৎ কৰ্মৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এতিয়া আৰু কৰ্কট ৰোগ মানেই মৃত্যু নহয় । কিয়নো এই ৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাই উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰাকৈ এতিয়া অসমতে কৰ্কট কেন্দ্ৰৰ শক্তিশালী নেটৱৰ্ক গঢ় লৈ উঠিছে । তেওঁ আজিৰ দিনটোক ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় অগ্ৰাধিকাৰ দি আহিছে । তাৰেই ফলস্বৰূপে ৰাজ্যখনৰ অন্যান্য ক্ষেত্ৰৰ লগতে স্বাস্থ্য আন্তঃগাঁথনিয়ে বিকাশৰ নতুন গতিৰে ধাৱমান হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে কৰ্কট ৰোগে কেৱল এজন ব্যক্তিক নহয় বৰং একোটা পৰিয়ালক আৰ্থিক আৰু মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলে । কিন্তু এই সকলো সমস্যা লাঘৱ কৰাৰ পথ প্ৰশস্ত কৰি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনে অসমত মুঠ ৭ খন অত্যাধুনিক সা-সুবিধা থকা  কৰ্কট চিকিৎসালয় স্থাপন কৰাৰ লগতে ৭খনৰ আধাৰশিলা স্থাপন কৰিছে আৰু আন ৩খনৰ নিৰ্মাণ অচিৰেই সম্পন্ন হ'ব বুলি তেওঁ কয় । তেওঁ গোলাঘাটবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৰ্কট ৰোগ হ'ব পৰা কাৰক যেনে বিৰি, গুটখা, চাদা আদি ধপাতজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । 



সভাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক সুমীত শৰ্মা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ভালেসংখ্যক ৰাইজ উপস্থিত আছিল । অনুষ্ঠানৰ অংশৰূপে কেইবাটাও মহিলা গোটে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ।

No comments