Breaking News

উত্তৰ গুৱাহাটীত জব্দ দুখন চেগুন কাঠ ভৰ্তি বাহন। বাহন জব্দৰ পিছত চৰ্চালৈ আহিছে মান্দাকাটাত পাহাৰ খননেৰে প্ৰকৃতি ধংসকাৰী আগৰৱালাৰ বিষয় ।

 



পঙ্কজ নাথ, কামৰূপ: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অবাধ বনধংস যজ্ঞৰ মাজতে বন বিভাগে চলালে এক সফল অভিযান । বুধবাৰে দীৰ্ঘেশ্বৰী বিট কাৰ্যালয়ৰ বনকৰ্মীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই উত্তৰ গুৱাহাটী ফুলুঙত জব্দ কৰে চেগুন কাঠ ভৰ্তি দুখন বাহন । উত্তৰ গুৱাহাটীৰ পৰা বেজেৰা অভিমুখী পথত জব্দ হয় কাঠ ভৰ্তি বাহন দুখন । AS 01 NC 5645 আৰু AS O1 NC 5450 নম্বৰৰ চোটাহাটী বাহন দুখন বনৰক্ষীৰ দলে জব্দ কৰিছে যদিও পলাতক  চালক আৰু চোৰাং কাঠৰ ব্যবসায়ীৰ দল ।  বন বিভাগৰ এই সফলতাৰ পিছত তেওঁলোকৰ অন্য ভালেমান বিষয়ত লোৱা ভূমিকাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে বিশেষভাৱে চৰ্চালৈ আহিছে  মান্দাকাটাত অবৈধভাৱে বন ধংস কৰি থকাৰ অভিযুক্ত জনৈক আগৰৱালাৰ বিষয়। কাঠ জব্দ কৰাৰ পিছতে বন বিভাগৰ ভুমিকাক লৈ সৰব চৰ্চা চলিছে উত্তৰ গুৱাহাটীত। ইয়াৰ উপৰিও কামৰূপ প্ৰশাসনে এফালে পাহাৰৰ ৰঙা মাটি শিল বালি কঢ়িওৱাৰ বিৰুদ্ধে ১৪৪ ধাৰা আৰোপ কৰি পাহাৰ ধংসৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ সময়ত  মান্দাকাটা পাহাৰৰ ৰঙা মাটি কাটিবলৈ একাংশক ৰঙা দলিছা পাৰি দিয়াৰো উঠিছে ভিন্ন অভিযোগ । খবৰ অনুসৰি বি আই পি এল নামৰ এটি প্ৰতিস্থানে দিনে নিশাই মান্দাকাটা পাহৰৰ মাটি কঢ়িয়াই নব নিৰ্মিত দলঙৰ কামত ব্যবহাৰ কৰি আহিছে । চৰকাৰী কামৰ দোহাই দি জনৈক আগৰৱালা নামৰ বহিৰাগত ঠিকাদাৰক পাহাৰ কাটিবলৈ দিয়াৰ উঠিছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি জনৈক আগৰৱালাই মাটি কটাৰ বাবদ সামান্য ৰাজহ দি দিনে নিশাই লাখ লাখ টকাৰ মাটি যোগান ধৰে দলং নিৰ্মাণ সংস্থাক । দিশপুৰৰ আশীৰ্বাদ পুষ্ট জনৈক আগৰৱালাই জনতাক জলা কলা খুৱাই দিনে নিশাই বালিচৰৰ মাটি কাটি জন জীবন স্থবিৰ কৰাৰ লগতে ব্যাপক ৰাজহ ফাকি দি অহাৰো উঠিছে গুৰুতৰ অভিযোগ । দিছপুৰৰ একাংশ ভ্ৰষ্ট বৰমুৰীয়াৰ সেউজ সংকেতৰ বাবেই কিছু সংখ্যক বহিৰাগত লোকে বন ধংসৰে লুণ্ঠনৰ পথ মসৃণ কৰি তুলিছে বুলিও উঠিছে অন্য এক গুৰুতৰ অভিযোগ। এতিয়া ইমানবোৰ অভিযোগৰ আঙুলি উঠা জনৈক আগৰৱালাৰ বিৰুদ্ধে শুণ্য শহনশীলতাৰ কথা কোৱা তথা দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লবনে কোনো উচিত পদক্ষেপ নে ইমানবোৰ জানি শুনিও নিজ সমষ্টিৰ দুৰ্নীতি ঢাকিবলৈ নিৰব ভূমিকা গ্ৰহণ কৰিব তাকলৈ দৃষ্টি নিবদ্ধ ৰাখিব জালুকবাৰী সমষ্টিৰ সচেতন ৰাইজে।

No comments