Breaking News

অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ বোকাখাত মহকুমা সমিতি গঠন

 


অজন্তা তালুকদাৰ, বোকাখাতঃ  চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ সঠিক ৰূপত প্ৰদানৰ ক্ষেত্ৰত হৈ থকা বেমেজালি দূৰ কৰাৰ মানসেৰে অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ উদ্যোগত মঙ্গলবাৰে বোকাখাত শাখা চাহ মজদুৰ সংঘ কাৰ্যালয় প্ৰেক্ষাগৃহত সন্মিলনীৰ বোকাখাত মহকুমা সমিতি গঠনৰ উদেশ্যে সভা অনুষ্ঠিত হৈ যায়। অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দীয়ে আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মুনিন গৌতম চাঁওৰাই। সভাত অসম চাহ জনগোষ্টী জাতীয় মহাসভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা,অসম চাহ মজদুৰ সংঘ,৩৬ জনজাতিয় পৰিষদ, আটছা বোকাখাত শাখাৰ নেতৃবৃন্দৰ লগতে মহকুমাটোৰ ভালেসংখ্যক চাহ জনগোষ্ঠীয় বুদ্ধিজীৱি আৰু বৌদ্ধিক সমাজৰ ব্যক্তি উপস্থিত থাকে। সভাত প্ৰথমে সন্মিলনীৰ জিলা সভাপতি গৰাকীয়ে সন্মিলনী গঠনৰ উদেশ্য আৰু প্ৰয়োজনীয়তাৰ ওপৰত বিষদভাৱে বক্তব্য প্ৰদান কৰে। আটছা কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি হৰিবোলা কালিন্দী, অশোক দৰা, ধৰ্মেশ্বৰ কুৰ্মীকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে সভাৰ উদেশ্যৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সৰ্বসন্মতি ক্ৰমে সন্মিলনীৰ বোকাখাত মহকুমা সমিতিখন হৰিবোলা কালিন্দীক সভাপতি আৰু অনুপ তাঁতীক সম্পাদক হিচাপে লৈ সৰ্বমুঠ ১১ জনীয় জনীয়া কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয়। 

No comments