Breaking News

দিল্লীত বৃদ্ধি পাইছে ক'ৰোণা আক্রান্তৰ সংখ্যা



ডিজিটেল ডেস্কঃ  ৰাজধানী দিল্লীত ক'ৰোণাৰ সংক্ৰমণ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে।একেৰাহে ৬ দিনৰ পৰা প্ৰতিদিনে এক হাজাৰতকৈও সংক্রমিত ৰোগী চিনাক্ত কৰা হৈছে। বুধবাৰে দিল্লীত ১,৩৬৭ টা নতুনকৈ ৰোগী চিনাক্ত  আৰু ১ জনৰ মৃত্যু হৈছে। ইয়াৰ আগত মঙ্গলবাৰে ১,২০৪ নতুন সংক্ৰমক হৈছে। 

দিল্লীত ক'ৰোণাৰ পৰিস্থিতি কোন দিশে  গৈছে এই ধাৰণা ইয়াৰ  পৰা  কৰিব পাৰি  যে দেশৰ নতুন নতুন ব্যক্তি দিল্লীৰ পৰাই আহে। দেশত ২৪ ঘন্টাত ক'ৰোণাৰ ৩,৩০৩ টা ঘটনা জানিব পৰা গৈছে, য'ত ৪১ তাত কৈও অধিক ঘটনা দিল্লীত পোৱা গৈছে। 

ইয়াৰোপৰি, দিল্লীত কন্টেইনমেন জ'নৰ সংখ্যা ও বৃদ্ধি পাইছে। কন্টেইনমেন জ'নৰ অৰ্থ এনেকুৱা হৈছে যদি কোনো অঞ্চলত এটা পজিটিভ ৰোগী পোৱা হয়, তেন্তে সেই কলনি নতুবা ঠাই খনক কন্টেইনমেন জ'ন ঘোষিত কৰা হৈছে। ২৪ ঘন্টাত কন্টেইনমেন জ'নৰ সংখ্যা ১০০ তকৈও অধিক বৃদ্ধি পৰিলক্ষিত হৈছে। মঙ্গলবাৰে দিল্লীত কন্টেইনমেন জ'ন ৭৯৬ টা আছিল, যাৰ সংখ্যা বুধবাৰে ৯১৯ হ'ল।

No comments