Breaking News

দেৱৰাজ ৰয় কলেজত সাহিত্য অকাডেমীৰ আলোচনা চক্ৰৰ আয়োজন



ডিজিটেল সংবাদ, গোলাঘাটঃ ঐতিহ্যমণ্ডিত গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অহা ৩ আৰু ৪ জুন তাৰিখে সাহিত্য অকাডেমীৰ উদ্যোগত আৰু দেৱৰাজ ৰয় মহাবিদ্যালয় মানৱবিদ্যা আৰু সমাজ বিজ্ঞান সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীে এখনী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ৷ পাচটা ভাগত বিভক্ত আলোচনা চক্ৰ খনৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব দেৱৰাজ ৰয় কলেজৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়ালে আৰু  উপস্থিত থাকিব সাহিত্য অকাডেমীৰ কলিকতাস্থিত কাৰ্যালয়ৰ ক্ষেত্ৰীয় সম্পাদক ড° দেবেন্দ্ৰ কুমাৰ দেৱেশ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য পিকুমণী  দত্তই ৷ দেৱৰাজ ৰয় মহাবিদ্যালয় মানৱবিদ্যা আৰু সমাজ বিজ্ঞান সমিতিৰ সভাপতি দেৱজিৎ ফুকন আৰু সম্পাদক ড° তৰুণ গগৈয়ে জনোৱা মতে  ইয়াৰ পাছতে অনুষ্ঠিত হবলগীয়া প্ৰথম টেকনিকেল সভাত সভাপতিত্ব কৰিব বিশিষ্ট সাহিত্বিক ড° গীতাশ্ৰী তামূলীয়ে ৷ অসমীয়া সৃজনশীল সাহিত্যত নিম্নবৰ্গৰ ইতিহাস চৰ্চা শীৰ্ষক বিষয়ত গৱেষণা পত্ৰ পাঠ কৰিব বিশিষ্ট সাহিত্যিক ড° কমল কুমাৰ তাতি৷ ধুৰ্জ্জটি শৰ্মা আৰু মৃদুল শৰ্মাই ৷ সেইদিনাই একেটা বিষয়তে দ্বিতীয় খন আলোচনা চক্ৰত সভাপতিত্ব কৰিব অসমৰ বিশিষ্ট সাহিত্যিক ড° অৰূপা পতংগীয়া কলিতাই আৰু গৱেষণা পত্ৰ পাঠ কৰিব ক্ৰমে ড° অৰবিন্দ ৰাজখোৱা অনামিকা বৰা আৰু নন্দিতা দেৱীয়ে ৷ ৪ জুন তাৰিখে অস্মিতা শীৰ্ষক মহিলা লেখক সকলৰ এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ড° জ্যোতিৰেখা হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত ভাগ লব ড° ৰুবী বৰা, ড° অজন্তা ৰাজখোৱা ড° অনুৰাধা শৰ্মা আৰু গীতালী শইকীয়াই ৷ আনহাতে যুৱ সাহিতি নামেৰে নতুন লেখক সকলৰ এক মনোৰম অনুষ্ঠান অনুষ্ঠিত হব ৷ অপৰজিতা পূজাৰীৰ সঞ্চালনাত  এই অনুষ্ঠানত অনুষ্ঠিত হব আৰু যুৱ সাহিত্যিক অভিজিত বৰা, পঞ্চানন হাজৰিকা.প্ৰদূণ্য কুমাৰ গগৈ আৰু সুপ্ৰকাশ  ভূঞাই ৷ উদ্যোক্তাসকলে সকলো সাহিত্য প্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

No comments